ETV Bharat / state

ডিফুত আশাকৰ্মীৰ দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ - National general Strike of ASHA workers

আশাকৰ্মী সকলৰ দৰমহাৰ নিয়মীয়াকৰণ, ক’ৰণাৰ ফ্ৰণ্টলাইন যোদ্ধা হিচাপে ঘোষণা, যাৱতীয় সা-সামগ্ৰীকে ধৰি পিপিই কিটৰ যোগান ধৰাৰ লগতে বিভিন্ন দাবীৰে ডিফুত আশাকৰ্মী সকলৰ দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ৷ হাতে হাতে প্লেকাৰ্ড প্ৰদৰ্শন কৰি আশাকৰ্মীৰ বিক্ষোভ কাৰ্যসূচী (Protest of ASHA Workers at Diphu) ৷

protest-against-non-fulfillment-of-ashas-longstanding-demands
ডিফুত আশাকৰ্মীৰ দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ
author img

By

Published : Mar 28, 2022, 7:44 PM IST

ডিফু, 28 মাৰ্চ : আশাকৰ্মী সকলৰ চাৰিদফীয়া দাবীক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সোমবাৰে ডিফুত একাংশ আশাকৰ্মীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(Protest of ASHA Workers at Diphu) ৷

আশাকৰ্মী সকলৰ দৰমহাৰ নিয়মীয়াকৰণ, ক'ভিড ১৯ ৰ ফ্ৰণ্টলাইন যোদ্ধা হিচাপে ঘোষণা, যাৱতীয় সা-সামগ্ৰী সহ পিপিই কিটৰ যোগান ধৰা, আশাকৰ্মী সকলৰ বাবে ৫০ লাখ টকাৰ জীৱন বীমাৰ ব্যৱস্থা কৰাৰ লগতে চৰকাৰে বীমাৰ প্ৰিমিয়াম বহন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা, আশাকৰ্মী সকলৰ পৰিয়ালৰ সদস্যৰ শিক্ষা, খাদ্য আৰু স্বাস্থ্যৰ অধিকাৰ সুনিশ্চিত কৰাৰ লগতে বিভিন্ন দাবীৰে কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত ডিফুৰ ছেমছনছিং ইংতি সোঁৱৰণি উদ্যানত আশাকৰ্মী সকলে দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ডিফুত আশাকৰ্মীৰ দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

সকলোৱে হাতে হাতে প্লেকাৰ্ড লৈ আশা কৰ্মী সকলক নিয়মীয়া দৰমহা প্ৰদান কৰক, আশা কৰ্মী সকলৰ প্ৰতি চৰকাৰে চকু দিয়ক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে (National general Strike of ASHA workers) ৷

ইফালে, প্ৰতিবাদস্থলীত সংবাদমাধ্যমৰ জৰিয়তে চৰকাৰলৈ আক্ষেপ প্ৰকাশ কৰি প্ৰতিবাদী আশাকৰ্মীসকলে কয়, প্ৰতিগৰাকী আশাকৰ্মীয়ে নিজৰ সন্তানৰ কথা পাহৰি এটি শিশুৰ ৫ বছৰলৈ স্বাস্থ্যৰ যত্ন লোৱাৰ লগতে চৰকাৰৰ পৰা পোৱা সামান্য দৰমহাৰে বহু ঘাত প্ৰতিঘাতৰ মাজেৰে জীৱন নিৰ্বাহ কৰিব লাগে ৷ কিন্তু এই ক্ষেত্ৰত চৰকাৰে তেওঁলোকৰ কষ্টৰ প্ৰতি সামান্যতমো গুৰুত্ব প্ৰদান কৰা হোৱা নায় ৷

লগতে পঢ়ক : মূল্যবৃদ্ধিক লৈ উত্তাল বিধানসভা: বিৰোধীৰ সদন ত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.