ETV Bharat / state

জিৰণি লৈ থাকোতেই কৃষকৰ গাৰ ওপৰেদি চলিল ট্ৰাক - পথ দুৰ্ঘটনা

ৰাজ্যত একাংশ ট্ৰাক চালক আৰু হেণ্ডিমেনৰ দৌৰাত্মৰ বাবে সংঘটিত হৈ আহিছে বহু দুৰ্ঘটনা ৷ সোমবাৰে তেনে এক ঘটনাই সংঘটিত হয় কাৰ্বি আংলঙৰ পাৰখোৱাত ৷ এখন দহচকীয়া ট্ৰাকে মহতিয়াই নিলে এটা কৃষকৰ দলক ৷

ten wheeler truck rolled on farmers
কৃষক দলৰ ওপৰেৰে চলালে দহচকীয়া ট্ৰাক; নিহত এজন
author img

By

Published : Jul 5, 2021, 7:25 PM IST

ডিফু, 5 জুলাই : ৰাজ্যত অব্যাহত আছে একাংশ ট্ৰাক চালক দৌৰাত্ম ৷ একাংশ ট্ৰাক চালক আৰু হেণ্ডিমেনৰ কাণ্ডহীনতাৰ বাবে সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ এইবাৰ ট্ৰাকৰ হেণ্ডিমেনৰ অমনোযোগিতাৰ বাবে কাৰ্বি আংলঙত অকাল মৃত্যুত সাবতিব লগা হয় এজন যুৱকে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, এগৰাকী ট্ৰাক হেণ্ডিমেনৰ চূড়ান্ত গাফিলতিৰ বাবে সোমবাৰে কাৰ্বি আংলং জিলাৰ পাৰখোৱাৰ এগৰাকী কৃষকে অকাল মৃত্যুক সাৱতিব লগাত পৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে দুপৰীয়াৰ ভাগত পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পিছফালে এখন পথাৰত কৃষি কৰ্মত ব্যস্ত থকা কৃষকৰ এটা দলে দুপৰীয়া আহাৰ গ্ৰহণ কৰি ক্ষন্তেক জিৰণি লৈছিল পথৰ কাষত ৷ সেই সময়ত পথৰ কাষতে এখন দহ চকীয়া ট্ৰাকো ৰখাই থোৱা হৈছিল ৷

কিন্তু ট্ৰাকখনৰ চালকজন কিছু সময়ৰ বাবে পাৰখোৱা বজাৰৰ ফালে ওলাই যোৱাৰ পিছতে ট্ৰাকখনৰ হেণ্ডিমেনজন জনে ট্ৰাকখন চলোৱাৰ চেষ্টা কৰে ৷

ten wheeler truck rolled on farmers
কৃষক দলৰ ওপৰেৰে চলালে দহচকীয়া ট্ৰাক; নিহত এজন

কিন্তু ট্ৰাকখন চম্ভালিব নোৱাৰিলে ট্ৰাকখনৰ হেণ্ডিমেনজনে ৷ হেণ্ডিমেনজনে ট্ৰাকখন চলোৱাৰ চেষ্টা কৰোতেই ট্ৰাকখনে জিৰণি লৈ থকা কৃষকৰ দলটোক মহটিয়াই নিয়ে ৷ ফলত ঘটনাস্থলীতে পাৰখোৱা এৰদাং গাঁৱৰ নিৱাসী লৰচিং মিলিক(৩৭) নামৰ লোক থিতাতে নিহত হয় ৷

এই দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় দুজন লোক ৷ আহত লোক কেইজনক তৎতাতয়াকৈ প্ৰেৰণ কৰা হয় হাস্পতাললৈ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে নিহত লৰচিং মিলিকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

দুৰ্ঘটনা সংঘটিত কৰা দহ চকীয়া ট্ৰাকখনৰ নম্বৰ হৈছে এছ ০১ জিচি ৮২৯১ ৷ ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা হেণ্ডিমেন আৰু দুৰ্ঘটনাগ্ৰস্থ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ৷ এই পথ দুৰ্ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: পুঁজি আৱণ্টনৰ পিচতো নিৰ্মাণ নহ’ল 27 নং ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.