ডিফু, ৩ মে': কাৰ্বি ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ সপোনেৰে কাৰ্বি লেংগুৱেজ ডেভলপমেণ্ট বোৰ্ডৰ(Karbi Language Development Board) উদ্যোগত দশম আৰু একাদশ শ্ৰেণীৰ বাবে কাৰ্বি ভাষাৰ দুখন পাঠ্যপুথি প্ৰণয়ন কৰা হৈছে(Karbi MIL textbook launches)৷ ‘কাৰ্বি লামেত আমনজিন’(Karbi Lammet Amunjin) আৰু ‘লামেত আমানিম’(Lammet Amanim) নামৰ পাঠ্যপুথি দুখন মঙলবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে শুভ উম্মোচন কৰে । ডিফু চহৰৰ লাংকুং হাবে মেমৰিয়েল টাউন হলত উন্মোচন কৰা হয় পাঠ্যপুথি দুখন ৷
পাঠ্যপুথি উম্মোচনী সভাখনত সাংসদ হৰেন চিং বে', পৰিষদৰ উপাধক্ষ্য ৰিতেশ ইংহি, পদ্মশ্ৰী ৰংবং তেৰাং, ধনেশ্বৰ ইংতিকে ধৰি বিধায়কসকল আৰু পৰিষদৰ সদস্যসকল উপস্থিত থাকে । মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ভাষণ প্ৰসংগত কাৰ্বি ভাষা উত্তৰণৰ ক্ষেত্ৰত লোৱা এই প্ৰচেষ্টাৰ শলাগ লয় ৷ কাৰ্বি লেংগুৱেজ ডেভলপমেণ্টৰ অধ্যক্ষ লংচিং টেৰনৰ লগতে পাঠ্যপুথি দুখনৰ লগত জড়িত সকলোকে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে ।
কাৰ্বি ভাষা উত্তৰণৰ ক্ষেত্ৰত তথা কাৰ্বি ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ বাবে কাৰ্বি আংলঙৰ বাহিৰৰ কাৰ্বি লোকৰ বসতি অঞ্চলসমূহত প্ৰাথমিক পৰ্যায়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ কাৰ্বি ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে আলোচনা অব্যাহত ৰখাৰ কথা উল্লেখ কৰে ৷ ইয়াৰ লগতে আন ভাষাৰ শিক্ষকসকলে লাভ কৰি থকা দৰমহাৰ সমান্তৰালকৈ কাৰ্বি ভাষাৰ শিক্ষকসকলেও লাভ কৰাৰ বাবে অসম চৰকাৰৰ লগত আলোচন অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে ৷
ইপিনে কাৰ্বি ভাষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত হাতত প্ৰচেষ্টা কিছু পৰিমানে সফল হোৱাত তুলিৰাম ৰংহাঙে আনন্দ প্ৰকাশ কৰে (CEM of Karbi Anglong Autonomous Council)৷ ইয়াৰ বিপৰীতে পাঠ্যপুথি উন্মোচনী কাৰ্যসূচীত কাৰ্বি ছাত্ৰ সংগঠনকে ধৰি বিভিন্ন কাৰ্বি জাতিৰ সমাজিক সংগঠনসমূহে সহায়-সহযোগিতাৰ লগতে অংশগ্ৰহণ নকৰাৰ বাবে তেওঁ দুখ প্ৰকাশ কৰে ।
লগতে পঢ়ক: Assam Cabinet Decisions: নগাঁও-কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে ৩০৮.৭৫ কোটি টকা মুকলি