ডিফু,25 জানুৱাৰী : সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেছন আৰু সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ সমন্বয়ৰক্ষী সমিতিয়ে অহা 27 জানুৱাৰীত আহ্বান জনোৱা 24 ঘণ্টীয়া চকা বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে কাৰ্বি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাই ৷
সন্থাৰ ষ্টিয়াৰিং কমিটিৰ আলোচনা মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি এক পেছ বিবৃতি যোগে সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে এই কথা জানিবলৈ দিছে ৷
মটৰ শ্ৰমিক সকলক সামাজিক সুৰক্ষা আইনৰ আওতাত আনি মটৰ শ্ৰমিকৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে ক'ভিডৰ সময়ত নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা মটৰ শ্ৰমিক সকললৈ বিশেষ পেকেজ প্ৰদান কৰাৰ দাবী ন্যায্য দাবী বুলি জনায় সাধাৰণ সম্পাদক গৰাকীয়ে ৷ সেয়ে সকলো গাড়ীৰ গৰাকী বাছ আৰু ট্ৰাক পৰিবহন চালক, টেক্সি, অট' চালক সকলক উক্ত বন্ধ সাফল্য মণ্ডিত কৰিবলৈ আহ্বান জনাইছে ৷