ETV Bharat / state

ডিফুত কোভিড-১৯ৰ পৰীক্ষাগাৰ মুকলি

author img

By

Published : Jun 11, 2020, 6:09 PM IST

বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ডিফু চিকিৎসালয় মহাবিদ্যালয়ত কোভিড -১৯ৰ পৰীক্ষাগাৰ মুকলি কৰে ৷ পৰীক্ষাগাৰটো মুকলি কৰি কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

Inouguration of covid19 laboratory  at Diphu College Hospital
ডিফুত কোভিড -১৯ৰ পৰীক্ষাগাৰ মুকলি

ডিফু, 11 জুনঃ ডিফু চিকিৎসালয় মহাবিদ্যালয়ত কোভিড-১৯ৰ পৰীক্ষাগাৰ মুকলি অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই পৰীক্ষাগাৰটো মুকলি কৰে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

ডিফুত কোভিড -১৯ৰ পৰীক্ষাগাৰ মুকলি

সকলো জল্পনা-কল্পনাৰ অন্তত অৱশেষত ডিফু চিকিৎসা মহাবিদ্যালয় চৌহদত কোভিড-১৯ৰ পৰীক্ষাগাৰ বৃহস্পতিবাৰে আনুষ্ঠানিককভাৱে মুকলি কৰে ৷ চিকিৎসা মহাবিদ্যালয়খনৰ একাডেমিক ব্লকৰ দ্বিতীয় মহলাত পৰীক্ষাৰটি মুকলি কৰে ৷ উক্ত পৰীক্ষাগাৰটো মুকলি কৰে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ উক্ত পৰীক্ষাগাৰটো মুকলি কৰি সাংবাদিকৰ আগত সদৰি কৰি কয় যে তিনিখন পাহাৰীয়া জিলাৰ ৰাইজ এই পৰীক্ষাগাৰটোৰ পৰা উপকৃত হ'ব ৷ তাৰোপৰি কাইলৈৰ পৰা আৰম্ভ হ'ব কোভিড ১৯ৰ পৰীক্ষা ৷ পূব আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ লগতে আন তিনিখনকৈ জিলাক সামৰি ল'ব পৰীক্ষাগাৰটোৱে ৷

আনহাতে কোভিড-১৯ত মৃত্যু হোৱা বকলীয়াঘাটৰ লোকজনৰ মৃতদেহ সৎকাৰক লৈ সৃষ্টি হোৱা পৰিস্থিতিক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে তুলিৰাম ৰংহাঙে ৷ কোভিড-১৯ৰ মৃতদেহ সৎকাৰক লৈ এতিয়াৰে পৰা কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় ৷ এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্ত পৰিষদে কোভিড-১৯ ৰ মৃতদেহ সৎকাৰকলৈ ইতিমধ্যে সকলো যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি ৰাখিছে৷ আনহাতে পৰীক্ষা গাৰটোৰ জৰিয়তে কোভিড-১৯ৰ পৰীক্ষাৰ ৰিপৰ্ট দুই এদিনতে পোৱা যাব বুলি মন্তব্য কৰে সাংবাদিকৰ আগত মন্তব্য কৰে কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

লগতে পঢ়ক- ট্ৰেক্টৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.