ETV Bharat / state

ডিফুৰ জিলা কাৰাগাৰত বিশ্ব ধপাতবিহীন দিৱস উদযাপন - জিলা কাৰাগাৰ

ডিফুৰ জিলা কাৰাগাৰত বিশ্ব ধপাতবিহীন দিৱস উদযাপন আৰু অবৈধ নিচাজাতীয় দ্ৰব্য সৰবৰাহ বিৰোধী দিৱস উদযাপন ৷ নিচাযুক্তৰ দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ লগতে যুৱ প্ৰজন্মক এই মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ সেৱন আৰু সৰবৰাহৰ পৰা নিজকে বচাই ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায় বক্তা সকলে ৷

DLSA Protest Meeting Against Drugs At Diphu
ডিফুৰ জিলা কাৰাগাৰত বিশ্ব ধপাতবিহীন দিৱস উদযাপন
author img

By

Published : Jun 27, 2020, 7:34 PM IST

ডিফু, ২৮ জুনঃ সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুতো বিশ্ব ধপাতমুক্ত দিৱস উদযাপন আৰু অবৈধ সৰবৰাহ দিৱসটি উদযাপন কৰা হয় ৷ এই উপলক্ষে জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএৰ উদ্যোগত ডিফুৰ জিলা কাৰাগাৰত অনুষ্ঠিত হয় এই অনুষ্ঠানটো ৷

ডিফুৰ জিলা কাৰাগাৰত বিশ্ব ধপাতবিহীন দিৱস উদযাপন

উল্লেখ্য যে, শণিবাৰে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ এনে কে সিঙে ডিফুস্থিত জিলা ন্যায়িক আদালত পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত ন্যায়াধীশ গৰাকীয়ে আদালত চৌহদতে ক'ভিড ১৯ ৰ প্ৰট'কল অনুসৰণৰ মাজেৰে জিলা সত্ৰ ন্যায়াধীশ আৰু জিলা প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হয় ৷ আলোচনাত জিলা সত্ৰ ন্যায়াধীশ, ডিএলএছএ সচিব, মাননীয় ডিফু ন্যায়িক আদালতৰ অনান্য ন্যায়াধীশ, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে অংশ গ্ৰহণ কৰে ৷ মাননীয় ন্যায়াধীশ গৰাকীয়ে ডিফু - লামডিং পথৰ কাষত ন্যায়িক আদালতৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে আবণ্টিত ২৫ বিঘা ভূমিৰ লগতে ইয়াৰ বিভিন্ন আন্ত: গাথনিৰ সন্দৰ্ভত আলোচনা কৰে ৷ ইয়াৰোপৰি জিলাবাসীলৈ লক ডাউনৰ সময়ত অধিক সহায় আগবঢ়াবলৈ জিলা প্ৰশাসন আৰু ডিএলএছএক আহ্বান জনায় ৷ জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যপন্থাৰ ওপৰতো আলোচনা কৰে জ্যেষ্ঠ ন্যায়াধীশ এন কে সিঙে ৷

চৰকাৰ প্ৰশাসনে ঘোষণা কৰা লক ডাউনৰ সকলো নীতি-নিয়ম মানি ডিএলএছএৰ উদ্যোগত ডিফুৰ জিলা কাৰাগাৰত অনুষ্ঠিত হয় বিশ্ব ধপাতবিহীন দিৱস উদযাপন আৰু অবৈধ সৰবৰাহ বিৰুধী দিৱস ৷ সামাজিক দূৰত্ব বজাই ৰাখি ডিফুৰ জিলা কাৰাগাৰত কাৰাবন্দি লোক সকলোকে মাস্ক পৰিধান কৰাৰ ব্যৱস্থা কৰে আইন সেৱা প্ৰাধিকৰণৰ লোক সকলে ৷ আনহাতে, কাৰাবন্দী লোক সকলৰ অন্ধকাৰ ভৱিষ্যতৰ দিশলৈ ঠেলি দিয়া একাংশ দুষ্ট চক্ৰৰ বিৰুদ্ধে সম্পূৰ্ণ আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি অধিবক্তা সকলে মন্তব্য কৰে ৷ ইয়াৰ পৰা সকলোকে আঁতৰি থাকিবলৈ আহ্বান জনাইছে অধিবক্তা সকলে ৷

নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ লগতে যুৱ প্ৰজন্মক এই মাৰাত্মক নিচাযুক্ত দ্ৰব্য সেৱন আৰু সৰবৰাহৰ পৰা নিজকে বচাই ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায় অধিবক্তা সকলে ৷ নিজৰ বহুমূলীয়া জীৱনটোক নিচাযুক্ত দ্ৰব্যৰ ওচৰত সমৰ্পণ নকৰি জীৱনটোক উপভোগ কৰাৰ লগতে গঠনমূলক কামত নিয়োজিত কৰিবলৈ আহ্বান জনায় ৷ উক্ত কাৰ্যসূচীত ডিএলএছএৰ সচিব নাগিব আহমেদ, প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ ৰঞ্জুমনি পেগু, ডিএলএছএৰ অধিবক্তা ৰেশ্মি ভৰালী, আৰু অতিৰিক্ত উপায়ুক্ত জিণ্টু বৰা উপস্থিত থাকে ৷

লগতে পঢ়ক- কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিবলৈ পাঁচবিধ অস্ত্ৰ সাজু কেজৰিৱাল চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.