ডিফু, 16 ছেপ্তেম্বৰ : 8 ছেপ্তেম্বৰত ডিমাপুৰ বাৰ্মা কেম্পৰ ইউএনবি কলনিত সংঘটিত আকষ্মিক বোমা বিষ্ফোৰণত আহত পৰিয়ালবৰ্গলৈ কিছু আৰ্থিক সাহাৰ্য আগবঢ়াইছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিয়ে ৷ বুধবাৰে আমছুৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি মাজিদ খানৰ নেতৃত্বত লাহৰিজান,দুদুকলনি আৰু বালিজান আঞ্চলিকৰ পৰা এটা দলে ঘটনা সংঘটিত হোৱা ডিমাপুৰৰ ইউএনবি কলনিলৈ গৈ স্থানীয় ব্যক্তি সকলৰ সহযোগত বোমা বিস্ফোৰণত ভুক্তভোগী পৰিয়াল বৰ্গক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয় ৷
আমছুৰ দলটোৱে ভুক্তভোগী সকলক কাৰ্বি আংলং আমছুৰ তৰফৰ পৰা কিছু আৰ্থিক সাহাৰ্যও প্ৰদান কৰে ৷ দলটোৰ সভাপতি মাজিদ খানৰ এক বিবৃতিৰ পৰা জানিব পৰা অনুসৰি,বোমা বিষ্ফোৰণত 5 গৰাকী আক্ৰান্তৰ দুজনৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে ৷ আটাইকেইজন ভুক্তভোগী দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰি আছিল বুলি বিবৃতিটোত উল্লেখ আছে ৷

লগতে পঢ়ক : গোলাঘাটত দৈনিক মজুৰি বৃদ্ধিক লৈ চাহ শ্ৰমিকৰ প্ৰতিবাদ
আমছুৰ সভাপতি গৰাকীয়ে দিনহাজিৰা কৰি খোৱা লোক সকলক সু-শিক্ষিত কৰিবলৈ আহ্বান জনাইছে ৷
উল্লেখ্য যে,দলটোত আমছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি মাজিদ খান,উপ-সভাপতি বিলাল হুছেইন,সহঃ সাধাৰণ সম্পাদক নবী আহমেদ আৰু দুদুকলনি,লাহৰিজান,বালিজান আঞ্চলিক সমিতিৰ সভাপতি,সম্পাদক কাৰ্যালয়ৰ বিষয়ববীয়া আৰু সদস্য সকলে অংশ গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক : কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত সম-অধিকাৰৰ দাবীত কলিতা ছাত্ৰ সন্থাৰ ধৰ্মঘট