ETV Bharat / state

ক'লাজান নৈত উদ্ধাৰ হাত-ভৰি বন্ধা অচিনাক্ত মৃতদেহ - কমলপুৰত মৃতদেহ উদ্ধাৰ

কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাৰেগাঁৱৰ পুৰণি মছজিদৰ সমীপৰ ক'লাজান নৈত উদ্ধাৰ অচিনাক্ত মৃতদেহ ৷ মৃতদেহটো হাত-ভৰি বন্ধা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷

অচিনাক্ত মৃতদেহ উদ্ধাৰ
অচিনাক্ত মৃতদেহ উদ্ধাৰ
author img

By

Published : Sep 23, 2020, 11:18 AM IST

বাইহাটা, 23 ছেপ্তেম্বৰ : বাইহাটাৰ কমলপুৰত চাঞ্চল্য ৷ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাৰেগাঁৱত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হয় অচিনাক্ত মৃতদেহটো ৷ বাৰেগাঁৱৰ পুৰণি মছজিদৰ সমীপৰ ক'লাজান নৈত মৃতদেহটো উটি অহা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ তাৰ পাচতে ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে ততাতৈয়াকৈ অৱগত কৰে কমলপুৰ আৰক্ষীক ৷

কমলপুৰত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ

উল্লেখ্য যে, স্থানীয় ৰাইজে নকুছি গাঁৱৰ সন্ধানহীন হৈ থকা এগৰাকী বৃদ্ধৰ সন্ধানত গৈ অচিনাক্ত মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল কুমাৰ দাস উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি, প্ৰাথমিক তদন্তৰ বাবে কমলপুৰ ৰাজহ চক্ৰ বিষয়া ডঃ অংকিতা শৰ্মাক অৱগত কৰে ৷ চক্ৰ বিষয়া গৰাকী ঘটনাস্থলীত উপস্থিত হৈ অচিনাক্ত মৃতদেহটোৰ ভিন্ন স্থানত আঘাতৰ চিন থকাৰ কথা সদৰী কৰে ৷ উদ্ধাৰ হোৱা মৃতদেহটো প্ৰায় 50 উৰ্ধৰ কোনো পুৰুষৰ বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ মৃতদেহটো প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: বিলাসীপাৰাত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.