ETV Bharat / state

ছয়গাঁৱত গ্ৰেপ্তাৰ দুই নাৰী সৰবৰাহকাৰী

author img

By

Published : Mar 1, 2021, 3:45 PM IST

নাৰী সৰবৰাহকাৰী চক্ৰই তিনিগৰাকীৰ কিশোৰীৰ লগতে এটা শিশুক কেইবালাখ টকা মূল্যত ৰাজস্থানত বিক্ৰী কৰিছিল । পাছত কিশোৰী তিনিগৰাকীক ছয়গাঁও আৰু গৰৈমাৰী আৰক্ষীয়ে ৰাজস্থানৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

Two people arrested in South Kamrup
ছয়গাঁৱত গ্ৰেপ্তাৰ দুই নাৰী সৰবৰাহকাৰী

ছয়গাঁও, ১ মাৰ্চ : ছয়গাঁও আৰু গৰৈমাৰী আৰক্ষীয়ে দেওবাৰে অভিযান চলাই ছয়গাঁও আৰু বামুণীগাঁৱৰ পৰা দুই নাৰী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । আটকধীন লোক দুজন হ’ল গৰৈমাৰীৰ টুক্ৰাপাৰাৰ ৰবিউল আলী আৰু চাম্পুপাৰাৰ হাচমত আলী বুলি জানিব পৰা হৈছে ।

জানিব পৰা মতে, কিছুদিন পূৰ্বে গৰৈমাৰীৰ পৰা নাৰী সৰবৰাহকাৰী চক্ৰই তিনিগৰাকীৰ কিশোৰীৰ লগতে এটা শিশুক ৰাজস্থানত বিক্ৰী কৰিছিল । পাছত কিশোৰী তিনিগৰাকীক ছয়গাঁও আৰু গৰৈমাৰী আৰক্ষীয়ে ৰাজস্থানৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিশোৰী তিনি গৰাকীক নাৰী সৰবৰাহী চক্ৰটোৱে কেইবালাখ টকা মূল্যত বিক্ৰী কৰিছিল ৷ এই ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষী থানাত ৩৫/২০০১ ,৩৬/২০০১ আৰু ৯৪/২০০১ নম্বৰত এটা গোচৰো ৰুজু কৰা হৈছিল ৷ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ সময়তেই দেওবাৰে সন্ধিয়া লোক দুজনক আটক কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : লখিমপুৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.