3 বজাৰ শীৰ্ষ দহটা বাতৰি:
দুই মন্ত্ৰীৰ বিভাগ সলালে মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভাৰ কিছু সালসলনি ঘটাইছে ৷ শিক্ষা বিভাগ (Education Deparment)ৰ দায়িত্বত থকা মন্ত্ৰী ডাঃ ৰণোজ পেগুক (Ranoj Pegu) অতিৰিক্তভাৱে ভৈয়াম জনজাতি উন্নয়ন বিভাগ (Deparment for welfare of plains tribes and backward classes) আৰু মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মক অতিৰিক্তভাৱে বড়োলেণ্ড উন্নয়ন বিভাগ (Bodoland developmet Council) ৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷
মৰিগাঁও ধৰ্ষণ আৰু হত্যাৰ গোচৰ: পাঠাক লৈ চৰজমিন তদন্ত আৰক্ষীৰ
ছৈয়দ আলী মুঞ্চিয়ে বালিডোঙাত এটি ৯ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা কৰি মৰাপাটৰ খেতিত পেলাই থৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাই সমগ্ৰ অসমত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজে আহি ঘটনাৰ বুজ লৈছিল ।
অসম চিকিৎসা মহাবিদ্যালয়ত সংযোজন হাইটেক ষ্ট্ৰ’ক ভেন
দেশৰ ভিতৰতে চৰকাৰী চিকিৎসা কেন্দ্ৰত অসম চিকিৎসা মহাবিদ্যালয় (Assam Medical College Hospital)ত প্ৰথমবাৰলৈ মুকলি কৰা হৈছে এখন হাইটেক (অত্যাধুনিক) বাহন । ইতিমধ্যে ব্ৰেইন ষ্ট্ৰ'ক হোৱা এগৰাকী ৰোগীক সফলতাৰে চিকিৎসা প্ৰদান কৰি প্ৰায় সুস্থিৰ কৰি তুলিলে এই ষ্ট’ক ভেনৰ জৰিয়তে ।
ক'ভিড বিধি উলংঘন: দেশত তৃতীয় ঢৌৰ বাবে দায়ী হ'ব সাধাৰণ নাগৰিক
চি ভোটাৰ লাইভ নিউজ ট্ৰেকাৰে দেশত কেইবাটাও বিষয়ত এক জৰীপ চলায় । জৰীপৰ অন্যতম বিষয় আছিল কৰ'ণা (Corona) । জৰীপ অনুসৰি যদি দেশত তৃতীয় ঢৌ আহে তেন্তে সাধাৰণ জনতা ইয়াৰ বাবে দায়ী হ'ব । জৰীপ মতে উত্তৰ প্ৰদেশৰ ৰাজনীতিত আছাদুদ্দিন ওৱেচি (Asaduddin Owaisi) কোনো গুৰুত্বপূৰ্ণ কাৰক নাছিল আৰু ভৱিষ্যতেও হ'ব নোৱাৰে ।
ডকাইতিৰ সময়তেই আৰক্ষীৰ জালত পৰিল দুধৰ্ষ ডকাইতৰ দল
যোৰহাটত ডকাইত কৰি থাকোতেই আৰক্ষীৰ জালত পৰিল দুধৰ্ষ ডকাইতৰ দল ৷ সোনাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ এটা 5 জনীয়া ডকাইটৰ দলে চন্দন নাথ নামৰ লোকজনক মাৰপিট কৰি কাঢ়ি লৈ যায় 6000 টকা ৷ পেচাত এজন গাড়ী চালক চন্দনে দৰমহা লৈ উভতি আহোতে সংঘটিত হয় এই ঘটনা ৷ মাৰপিট কৰি ধন কাঢ়ি নিয়াৰ সময়তে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷ আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা চন্দন নাথক উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীতে কৰায়ত্ব কৰিবলৈ সক্ষম হয় 3 টা ডকাইতক ৷ সোধ-পোচৰ অন্তত যোৰহাট আৰক্ষীয়ে (Jorhat Police) কৰায়ত্ব কৰে আন দুটা ডকাইতক ৷ আটকাধীন ডকাইত কেইটা ক্ৰমে অঞ্জন শইকীয়া, জিন্টু শইকীয়া, মাধুৰ্য দৰবধৰা, প্ৰণৱ শইকীয়া আৰু গৌৰীশংকৰ চুবেদাৰ ৷ ইতিমধ্যে আৰক্ষীয়ে এই বিষয়টোক লৈ আৰম্ভ কৰিছে তদন্ত ৷
ৰথযাত্ৰা 2021: এইবেলিও ভক্তৰ উপস্থিতিত নিষেধাজ্ঞা
ক’ভিড 19 (Covid 19) পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ দৰে এইবেলিও ভক্তৰ উপস্থিতি অবিহনে অনুষ্ঠিত হ’ব ৰথযাত্ৰা (Rathyatra) ৷ ক’ভিড প্ৰট’কল মানি সীমিত লোকেৰে উদযাপন কৰা হ’ব পুৰীৰ জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা (Jagannath tample Rathyatra) ৷
স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে চিকিৎসকৰ অভাৱ
1880 চনত বৃটিছে স্থাপন কৰা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিৰ হাস্পতালত উপস্থিত নাথাকে চিকিৎসক, স্বাস্থ্যকৰ্মী ৷ চিকিৎসা সেৱাৰ অভাৱত দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলবাসীয়ে ।
ডিফুত কংগ্ৰেছ নেত্ৰীৰ বিজেপিত যোগদান
কাৰ্বি আংলং স্বায়ত্ব শাসিত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিফুত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাখনতে বিজেপিত যোগদান কৰে জিলা মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ৰীণা বে'পীয়ে ৷
ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য
দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ আহক চাওঁ দেশত ক‘ভিডত আক্ৰান্ত, মৃত্যু আৰু আৰোগ্য হোৱা লোকৰ শেহতীয়া তথ্য...
বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক পহু খেদা
ইটোৰ পিছত সিটো বিতৰ্কত নাম সাঙুৰ খাইছে মৰাণ কলেজৰ নিলম্বিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ নাম ৷ এইবাৰ মহাবিদ্যালয়ৰ চৌহদৰ পৰা পহু খেদা খালে বিতৰ্কিত অধ্যক্ষা গৰাকীয়ে ৷