ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি - সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jul 14, 2021, 7:02 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি:

এনকাউণ্টাৰৰ প্ৰসংগত সদনত কি ক'লে মুখ্যমন্ত্রীয়ে

আৰক্ষীক (POLICE) লক্ষ্য কৰি ল'লে উত্তৰ পাবই । আইনৰ ভিতৰত থাকি আৰক্ষীয়ে চৰম পন্থা লওক। বিষ পান কৰিবলৈ মই সাজু আছো । কোনো সমালোচনাই আমাক টলাব নোৱাৰে । বিধানসভাৰ মজিয়াত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) ৷

এখনি শুৱনি গাঁও গঢ়াৰ সোণালী হাবিয়াস এদল যুৱকৰ

আনন্দ চন্দ আগৱালাই শুৱনি আমাৰ গাঁও কবিতাত লিখিছিল ‘‘শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল-ফুল লাগে কত পাওঁ তলসৰা’’ ৷ তেনে এখন শুৱনি গাঁও গঢ়াৰ পণ লৈছে এদল যুৱকে ৷ নিজা শ্ৰমেৰে নিজ গাঁওখন ৰাজ্যৰ ভিতৰতেই নহয় দেশৰ ভিতৰতে এখন আদৰ্শ গাঁও গঢ়াৰ চেষ্টা যুৱকসকলৰ। প্ৰায় আঢ়ৈ কিলোমিটাৰ অঞ্চলজুৰি থকা গাঁওখনৰ পৰিস্কাৰ পৰিবেশে মুগ্ধ কৰিব আপোনাক ।

অসমত গো-মাংস বিক্ৰী বন্ধৰ দাবী জনালে এটা সংখ্যালঘু সংগঠনে

অসমত সম্পূৰ্ণ ৰূপে গো-মাংসৰ (beef) বিক্ৰী বন্ধ হ’ব লাগে ৷ কাৰণ শেহতীয়াকৈ ৰাজ্য চৰকাৰে গো-সুৰক্ষাৰ (Cattle protection) ওপৰত যিখন বিধেয়ক আনিছে সেই বিধেয়ৰ জৰিয়তে সমাজত সাম্প্ৰদায়িকতা বৃদ্ধি পাব ৷ এই মন্তব্য কাছাৰৰ এটা সংখ্যালঘু সংগঠনৰ ৷

'জ'কাৰ' শব্দক লৈ উত্তাল হ'ল বিধানসভা

বিৰোধীৰ মতে, অখিল গগৈক 'জ'কাৰ' বুলি কোৱা হৈছে । গগৈক জ'কাৰ বোলা কথাটোৰ তীব্ৰ বিৰোধিতা কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু ভৰত নৰহে । অখিল গগৈৰ বিৰুদ্ধে সদনত কৰা প্ৰশ্নৰ উত্তৰ সদনত উত্থাপন হোৱাৰ পূৰ্বে ৰাজহুৱা কৰাৰ অভিযোগ । শাসক-বিৰোধীৰ তৰ্কযুদ্ধত উত্তপ্ত সদন ।

18 জুলাইত বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ সম্ভাৱনা

ভাৰতীয় জনতা পাৰ্টীৰ সংসদীয় দলৰ কাৰ্যবাহী বৈঠক 18 জুলাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । 19 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ বাবে দলৰ ৰণনীতিৰ ওপৰত আলোচনা কৰিবলৈ মঙলবাৰে জ্যেষ্ঠ বিজেপি নেতাসকলে মিলিত হোৱাৰ এদিন পিছত এই তথ্য পোহৰলৈ আহিছিল ।

চিকিৎসালয়ৰ পৰা পলায়ন চেষ্টা ক’ভিড ৰোগীৰ

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ ভয়াবহ সংক্ৰমণ ৷ তথাপিও কিন্তু গাত কথা লগা নাই একাংশ লোকৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাটো বৃদ্ধি পাইছে ক’ভিডৰ ভয়াবহতা ৷ ইয়াৰ মাজতে বুধবাৰে সংঘটিত হৈছে এক অঘটন ৷ শোণিতপুৰ জিলাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ পৰা আজি অৰ্থাৎ বুধবাৰে এগৰাকী ক’ভিড ৰোগীয়ে পলায়নৰ চেষ্টা কৰে ।

প্ৰায় এবছৰৰ অন্তত প্ৰথমখন প্ৰত্যক্ষ বৈঠকত মিলিত হয় মোডী কেবিনেট

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত বুধবাৰে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হয় ক’ভিডৰ পিছত প্ৰথমখন প্ৰত্যক্ষ বৈঠক । বিয়লি ৪ বজাত মন্ত্ৰী পৰিষদৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আন এক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।

ভেকচিনৰ নাটনিকলৈ চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

ৰাহুল গান্ধীৰ (Rahul Gandhi) মতে জুমলা অৰ্থাৎ ভাষণ বহুত শুনা গৈছে কিন্তু ভেকচিন হে নাই । তেওঁৰ মতে বিজেপি চৰকাৰখনে ভেকচিন প্ৰদানৰ নামত বহু প্ৰতিশ্ৰুতি দিলে কিন্তু ভেকচিন উপলব্ধ কৰাতহে বিফল হৈছে । ৰাহুল গান্ধীয়ে টুইটৰ জৰিয়তে ভেকচিন ক'ত বুলিও কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে ।

মুকবধিৰ যুৱতীৰ সৈতে অংসযত অৱস্থাত উদ্ধাৰ অৱসৰপ্ৰাপ্ত শিক্ষকক

নগাঁৱৰ উৰিয়াগাঁৱত সংঘটিত হৈছে এক অমানৱীয় ঘটনা । অসংযত অৱস্থাত পোৱা গৈছে মুকবধিৰ এগৰাকী যুৱতীৰ সৈতে এজন অৱসৰপ্ৰাপ্ত শিক্ষক ৷ যাক লৈ উৰিয়াগাঁৱত বিৰাজ কৰিছে তীব্ৰ উত্তেজনাই ৷

নন্দীগ্ৰাম সমষ্টিৰ ফলাফলৰ পুনৰ বিবেচনা প্ৰক্ৰিয়া: 12 আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য

অহা 12 আগষ্টত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব নন্দীগ্ৰাম সমষ্টিৰ (Nandigram Constituency) ভোটগণনাৰ ফলাফলৰ পুনৰ বিবেচনা সন্দৰ্ভত মমতা বেনৰ্জীয়ে দাখিল কৰা আবেদনৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.