ETV Bharat / state

ৰঙিয়াত লক্ষাধিক টকাৰ আফিং সহ তিনি সৰবৰাহকাৰীক আটক - Three suppliers of opium arrested by police

বুধবাৰে পুৱতি নিশা কামৰূপ আৰক্ষীয়ে অভিযান চলাই আফিং সৰবৰাহকাৰী তথা ড্ৰাগছ মাফিয়া ৰঙিয়াৰ উদিয়ানাৰ প্ৰদীপ চৌধুৰীক আটক কৰিবলৈ সক্ষম হয় ৷ অভিযানত আৰক্ষীৰ দলটোৱে বৃহৎ পৰিমাণৰ আফিং সহ নগদ টকাৰ উপৰিও কেইবাটাও মোবাইল ফোন জব্দ কৰে (Three suppliers of opium arrested in Rangia) ৷

drugs-mafia-arrested-by-police
ৰঙিয়াত লক্ষাধিক টকাৰ আফিং সহ তিনি সৰবৰাহকাৰীক আটক
author img

By

Published : Mar 23, 2022, 5:28 PM IST

ৰঙিয়া, 23 মাৰ্চ: ৰাজ্যত অবৈধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam Police raid against drugs)। শেহতীয়াকৈ বুধবাৰে পুৱতি নিশা কামৰূপ আৰক্ষীয়ে অভিযান চলাই বঙাইগাঁৱত এখন নৈশ বাছৰ পৰা দুই আফিং সৰবৰাহকাৰীক আটক কৰে (Opium Suppliers arrested by police) ৷

আটকাধীন আফিং সৰবৰাহকাৰী দুজন ক্ৰমে, পাঞ্জাৱৰ জলন্ধৰৰ দলবিন্দৰ সিং আৰু ৰঙিয়াৰ পিতাম্বৰ হাটবজালীৰ ইজ্ৰাইল আলী বুলি জানিব পৰা গৈছে ৷ আটকাধীন আফিং সৰবৰাহকাৰী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত কামৰূপ আৰক্ষীয়ে পুনৰ অভিযান চলাই মূল আফিং সৰবৰাহকাৰী তথা ড্ৰাগছ মাফিয়া ৰঙিয়াৰ উদিয়ানাৰ প্ৰদীপ চৌধুৰীক আটক কৰিবলৈ সক্ষম হয় (Drugs mafia arrested by police) ৷ এই অভিযানত আৰক্ষীয়ে 6 কেজি 540 গ্ৰাম আফিং জব্দ কৰা (Opium seized by police) ৰ লগতে নগদ 2 লাখ 19 হাজাৰ টকাসহ কেইবাটাও মোবাইল ফোন উদ্ধাৰ কৰে ৷

ৰঙিয়াত লক্ষাধিক টকাৰ আফিং সহ তিনি সৰবৰাহকাৰীক আটক

জানিব পৰা মতে, কুখ্যাত ড্ৰাগছ আৰু আফিং সৰবৰাহকাৰী প্ৰদীপ চৌধুৰীয়ে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, নলবাৰীৰ বিধায়ক তথা ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ প্ৰাক্তন অধ্যক্ষ যতীন বৰাৰ লগতে বিজেপিৰ বহু নেতাৰ সৈতে অতি ঘনিষ্ঠ বুলি নিজকে জাহিৰ কৰি ফুৰে বুলি জানিব গৈছে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ অভিযোগত 2021 চনৰ জুন মাহৰ 12 তাৰিখে কুখ্যাত ড্ৰাগছ মাফিয়া প্ৰদীপ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল ৷ সেই সময়চোৱাতে বিজেপিয়ে প্ৰদীপ চৌধুৰীক দলৰ পৰা বহিষ্কাৰ কৰা বুলি স্পষ্টীকৰণ দিছিল ।

লগতে পঢ়ক : ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.