আজাৰা, 17 এপ্ৰিলঃ ৰাজ্যত সঘনাই বৃদ্ধি পাইছে চুৰিৰ ঘটনা ৷ এইবাৰ চোৰৰ লক্ষ্য হ'ল বিদ্যালয় ৷
পশ্চিম গুৱাহাটী সমষ্টিৰ আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত চকৰ্দো দেশভক্ত তৰুনৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ত চোৰে লুটি নিলে বহু মূল্যৱান সামগ্ৰী ৷ পুৱতি নিশা ৰাজ্যত অহা ধুমুহা বতাহৰ সুযোগ লৈয়ে চোৰে বিদ্যালয়খনত এইদৰে লুটপাত সংঘটিত কৰে ৷ বিদ্যালয়খনৰ পৰা চোৰে লুটি নিয়ে কম্পিউটাৰকে ধৰি ইনভাৰ্টাৰ, চোলাৰ প্লেট, ৰন্ধন গেছকে ধৰি মধ্যাহ্ন ভোজনত ব্যৱহৃত কাহি-বাতি ৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত আজাৰা আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে ৷