ETV Bharat / state

ৰঙিয়াৰ বাৰ্মিজ নগৰত গুলিয়াগুলিৰ ঘটনা

author img

By

Published : Oct 25, 2019, 11:38 PM IST

ৰঙিয়াত দুই যুৱকৰ দলৰ মাজত সংঘৰ্ষ ৷ ৰাজহুৱা স্থানতেই পিষ্টল উলিয়াই ধমকি দিলে এটা যুৱকৰ দলে ৷ গুৰুতভাৱে আঘাতপ্ৰাপ্ত দুজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ ৷

ৰঙিয়াত দুই যুৱকৰ দলৰ মাজত সংঘৰ্ষ

ৰঙিয়া, 25 অক্টোবৰঃ কামৰূপ জিলাৰ ৰঙিয়াৰ বাৰ্মিজ নগৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ দুই যুৱকে ৰাজহুৱা স্থানতেই মূৰত পিষ্টল লগাই দাবি-ধমকি দিয়াৰ লগতে প্ৰহাৰ কৰে স্থানীয় যুৱকক ৷ ঘটনাৰ বিৱৰণী মতে,বৃহস্পতিবাৰে নিশা প্ৰায় ১০-৩০ বজাত বাৰ্মিজ নগৰত থকা বন্ধুৰ দোকানত আন এজন বন্ধু ৰিতুল হকৰ লগত সৌৰভ নামৰ যুৱকজনে কথা পাতি আছিল । তেনেতে দুখন দুচকীয়া বাহনত অহা চাৰিজন যুৱকে সৌৰভ আৰু বন্ধু ৰিতুলক মাৰধৰ কৰিবলৈ ধৰে। তেওঁলোকক বাধা দিয়াত মনোজ নামৰ যুৱকজনক অচিনাক্ত যুৱক কেইজনে মূৰত পিষ্টল লগাই আতৰি যাবলৈ দিয়াত প্ৰাণৰ মমতাত মনোজ আতৰি যায়। পিছত যুৱক কেইজনে ফায়াৰিং কৰা বুলিও জানিবলৈ দিয়ে সৌৰভৰ বন্ধুৱে ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকদ্বয়ক ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷

ৰঙিয়াত দুই যুৱকৰ দলৰ মাজত সংঘৰ্ষ

লগতে পঢ়কঃৰহাৰ সৰাগাঁৱত কপিলী যাত্ৰীবাহী ৰেলৰ খুন্দাত নিহত মহিলা

Intro:সন্দেহজনক অৱস্থাত আহত দুই যুৱকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণBody:ৰঙিয়াৰ বাৰ্মিজ নগৰত বৃহস্পতিবাৰে নিশা সংঘটিত এক সংঘৰ্ষত দুজন যুৱক গুৰুতৰভাবে আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হব লগা হোৱা খবৰ পোহৰলৈ আহিছে। আহত যুৱকদ্বয় হৈছে বনগাওৰ সৌৰভ কলিতা আৰু কাজিগাওৰ ৰিতুল হক। ঘটনা সন্দৰ্ভত সৌৰভ কলিতাৰ মাতৃয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰত সৌৰভ কলিতাৰ মাতৃয়ে উল্লেখ কৰা মতে বৃহস্পতিবাৰে নিশা প্ৰায় ১০-৩০ বজাত বাৰ্মিজ নগৰত থকা বন্ধুৰ দোকানত আন এজন বন্ধু ৰিতুল হকৰ লগত সৌৰভে কথা পাতি আছিল।তেনেতে দুখন দুচকীয়া বাহনত চাৰিজনমান যুৱক আহি সৌৰভ আৰু বন্ধু ৰিতুলক মাৰধৰ কৰিবলৈ ধৰে। আনজন বন্ধুৱে বাধা দিয়াত ধমকি দি আতৰাই পঠাই। চানা ব্যৱসায়ী তথা বন্ধু মনোজ ঠাকুৰীয়াই বাধা দিয়াত মনোজৰ মূৰত অচিনাক্ত যুৱক কেইজনে পিষ্টল লগাই আতৰি যাবলৈ দিয়াত প্ৰাণৰ মমতাত মনোজ আতৰি যায়। পিছত যুৱক কেইজনে ফাইৰিং কৰা বুলিও জানিব দিয়ে। নিশাই আৰক্ষীৰ সহযোগত আহত যুৱকদ্বয়ক ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে । বৰ্তমান দুয়োজন যুৱক চিকিৎসাধীন হৈ আছে। ইফালে ৰঙিয়া আৰক্ষীয়ে যুৱকদ্বয় ফাইৰিঙত আহত হোৱা নাই বুলি জানিব দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ৰঙিয়াত কোন দুৰ্বৃত্বই পিষ্টল লৈ সন্ত্ৰাসৰ সৃষ্টি কৰিছে এই সন্দৰ্ভত আৰক্ষীক বিহীত ব্যৱস্থা লবলৈ ৰাইজে দাবী জনাইছে ।
বাইট : বন্ধু তথা প্ৰত্যক্ষদৰ্শী । সৌৰভৰ ভাতৃ ।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.