ৰঙিয়া, 29 জুন : ৰাজ্যিক বিজেপি (State BJP)ৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ পাচতে সোমবাৰে ৰঙিয়াস্থিত নিজ বাসগৃহত উপস্থিত হয় ভৱেশ কলিতা (Bhabesh kalita) ৷ অসম ৰাজ্যিক বিজেপিৰ সভাপতি পদ লাভ কৰাৰ পিছতেই উৎফুল্লিত হৈছে ৰঙিয়াবাসী । সোমবাৰে ৰঙিয়াত প্ৰৱেশ কৰাৰ পাচতে দলীয় কৰ্মী সকলৰ লগতে সমৰ্থক সকলে তেওঁক উষ্ম আদৰণি জনায় । পুষ্পবৃষ্টিৰে সমৰ্থকসকলে বিধায়ক গৰাকীক ৰঙিয়াৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলালৈ আদৰি নিয়ে ।
বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীক ওচৰত পাই কোনোৱে যদি গামোচা পিন্ধাই উলগ যাচিছে, কোনোৱে আকৌ শৰাই আগবঢ়াই অভিনন্দন জ্ঞাপন কৰিছে । সমৰ্থকৰ মৰম আৰু আদৰ লাভ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা অভিভুত হৈ পৰে । লগতে, ৰঙিয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ ব্লক, নগৰ মণ্ডল, ৰাজ্যিক বিষয়ববীয়া, পঞ্চায়তৰ প্ৰতিনিধিসকল, দলীয় কাৰ্যকর্তাৰ লগত মত বিনিময় কৰে ৷
উল্লেখ্য যে, 2016 চনৰ পৰা একেৰাহে দুবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে ভৱেশ কলিতা ৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ ৰাজহ আৰু জলসিঞ্চন মন্ত্ৰী আছিল ভৱেশ কলিতা ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত তেওঁ অন্তৰ্ভুক্ত হোৱা নাছিল যদিও অৱশেষত ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব দিয়া হ’ল ভৱেশ কলিতাক ৷
আনহাতে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসক মন্ত্ৰীত্ব প্ৰদানৰ পিছতে সভাপতিৰ নতুন দায়িত্ব কাক দিয়া হ'ব তাক লৈ দীৰ্ঘদিন ধৰি জল্পনা কল্পনা চলি আছিল বিজেপিৰ ভিতৰচ'ৰাত । কিন্তু কেইবাখনো বৈঠকৰ অন্তত অৱশেষত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাই (National BJP president JP Nadda) ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে ঘোষণা কৰে ভৱেশ কলিতাৰ নাম ৷
লগতে পঢ়ক: খেতিয়ক ৰূপত বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা