ETV Bharat / state

ৰঙিয়া মহাবিদ্যালয়ত বিশেষ প্ৰদৰ্শনী-মেলা - Special Steps of Rangia College

পাঠ্যপুথিৰ শিক্ষাই যে সৰ্বস্ব নহয় তাৰেই আভাস দিবলৈ এক ব্য়তিক্ৰমী প্ৰয়াস ৰঙিয়া মহাবিদ্যালয়ৰ(Special Steps of Rangia College) । মহাবিদ্যালয়খনত আয়োজন কৰা হয় এখনি বিশেষ প্ৰদৰ্শনী মেলা । ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাক ব্যৱসায়িক ৰূপ দিয়াৰ উদ্দেশ্যে এই পদক্ষেপ মহাবিদ্য়ালয়খনৰ(Attempt to commercialise student talent) ।

special exhibition fair at rangiya college
ৰঙিয়া মহাবিদ্যালয়ত বিশেষ পদৰ্শনী-মেলা
author img

By

Published : Jun 9, 2022, 2:16 PM IST

ৰঙিয়া,৯ জুন: ছাত্র ছাত্ৰীৰ প্ৰতিভা বিকাশৰ উদ্দেশ্য ৰঙিয়া মহাবিদ্যালয়ে গ্ৰহণ কৰিছে এক সুন্দৰ পদক্ষেপ(Special Steps of Rangia College) । মহাবিদ্যালয়খনে প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰিলে এক বিশেষ মেলাৰ । মেলাখনত ছাত্র ছাত্ৰী সকলে নিজ হাতে তৈয়াৰ কৰা সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰী কৰাৰো ব‍্যৱস্থা কৰা হৈছে ।

মেলাখনত ছাত্ৰ ছাত্ৰী সকলে নিজহাতে বনোৱা বিভিন্ন চিত্ৰ,হস্তকলাৰ লগতে হাতে বোৱা কাপোৰ,বিভিন্ন ধৰণৰ গহনা আৰু অতি কম খৰচত ঘৰতেই নিৰ্মাণ কৰা কণীৰ পৰা পোৱালি উৎপাদন কৰা 'ইঙ্কুভেটৰ'ৰ দৰে সজুলিও প্ৰদৰ্শন কৰে । ইয়াৰ উপৰিও মেলাখনত বড়ো ছাত্ৰ ছাত্ৰী সকলে পৰম্পৰাগত খাদ্য সম্ভাৰৰো বিপনী ৰখাও পৰিলক্ষিত হয় । এই সকলোখিনিৰ উপৰিও সদ‍্যপ্ৰয়াত বলিউডৰ বিখ্যাত গায়ক কে কেৰ প্ৰতি শ্ৰদ্ধা জনায় মহাবিদ্যালয়খনৰ ছাত্ৰৰ এটা দলে তেওঁৰ বিশাল চিত্ৰ এখনৰো প্ৰদৰ্শনীৰ ব‍্যৱস্থা কৰে ।

ৰঙিয়া মহাবিদ্যালয়ত বিশেষ পদৰ্শনী-মেলা

এদিনীয়াকৈ আয়োজন কৰা মেলাখনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ প্ৰতিভা সুন্দৰকৈ কিদৰে ব‍্যৱসায়ীক ভিত্তিত খটুৱাব পাৰিব তাৰ বিষয়ে আভাস লাভ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত ব্য়ক্ত কৰে(Attempt to commercialise student talent) । কিতাপৰ বিদ‍্যাৰ লগতে ব‍্যৱহাৰিক জ্ঞানেৰো প্ৰয়োজন আছে বাবে এই বিশেষ মেলাখনে ছাত্র ছাত্ৰী সকলক উৎসাহিত কৰাৰ লগতে উপকৃত কৰিব ।

ইয়াৰ উপৰিও জাৰ্মানীৰ এখন বিশ্ববিদ্যালয় আৰু ৰঙিয়া মহাবিদ্যালয়ে লগ হৈ এক বিশেষ পাঠ‍্যক্ৰমৰ বাবে যোগাযোগ চলি আছে । য'ত জাৰ্মনীৰ বিশ্ববিদ্যালয়ৰ লগতে ৰঙিয়া মহাবিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক আদান প্ৰদানৰ প্ৰচেষ্টা হাতত লোৱা গৈছে । এই ক্ষেত্ৰতো এই বিশেষ মেলাখনে যোগসূত্ৰৰ কাম কৰিছে বুলি জানিবলৈ দিয়ে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ।

লগতে পঢ়ক: কাজিৰঙাত বোকাখাত মহকুমা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.