বাইহাটা, ৭ নৱেম্বৰ: মহিলাৰ প্ৰতিবাদত উত্তাল কামৰূপৰ বাইহাটা গাঁও পঞ্চয়তৰ কাৰ্যালয়। কমলপুৰ সমষ্টিৰ পঞ্চায়তসমূহত অৰণোদয় আঁচনি ৰূপায়ণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় মহিলাই। বাইহাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত বহুকেইখন গাঁৱৰ বিধবা, অবিবাহিত মহিলা, বিশেষভাৱে সক্ষম মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হোৱাৰো অভিযোগ উত্থাপন কৰিছে। হিতাধিকাৰীৰ তালিকা প্ৰস্তুতৰ সময়ত দুৰ্নীতিৰ পয়োভৰ ঘটাৰ অভিযোগ তুলি বাইহাটা গাঁও পঞ্চয়তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শীঘ্ৰে হিতাধিকাৰীৰ তালিকাত নাম সন্নিৱিষ্ট কৰি আঁচনিৰ অধীনৰ সুবিধা লাভৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় প্ৰতিবাদী মহিলাসকলে।
লগতে পঢ়ক:ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিজয় সাব্যস্ত