ETV Bharat / state

এসময়ৰ উত্তৰ-পুৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাৱন দাহ কাৰ্যসূচী এতিয়া অতীত

এসময়ৰ উত্তৰ-পুৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাৱন দাহ কাৰ্যসূচী এতিয়া অতীত । নাই আগৰ দৰে উৎসাহ-উদ্দীপনা,নাই আগৰ দৰে জনসমাগম | মহামাৰী কৰ'ণাৰ প্ৰতি লক্ষ্য ৰাখি সৰপাৰা ফ্ৰেণ্ডছ ক্লাৱে আয়োজন নকৰিলে ৰাৱন দাহ কাৰ্যসূচী ।

rawan burn on dashera at Dakhin Kamrup
এসময়ৰ উত্তৰ-পুৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাৱন দাহ কাৰ্যসূচী এতিয়া অতীত
author img

By

Published : Oct 26, 2020, 5:43 PM IST

আজাৰা,26 অক্টোবৰ: আজি বিজয়াদশমী। মা দুৰ্গা দেৱীক আজিৰ দিনটোতে বিদায় দিয়াৰ সমান্তৰালভাৱে আজি দশমীৰ দিনাই উদযাপন কৰা হয় ৰাৱন দাহ কাৰ্যসূচী । কিন্তু এয়া যেন এতিয়া এক অতীত। দেশৰ বিভিন্ন ঠাইৰ লগতে দক্ষিণ কামৰূপৰ সৰপাৰাতো প্ৰত্যক বছৰে উলহ-মালহেৰে উদযাপন কৰা হৈছিল ৰাৱন দাহ কাৰ্যসূচী । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ ৰাৱন দাহ হৈছিল সৰপাৰাত।

এসময়ৰ উত্তৰ-পুৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাৱন দাহ কাৰ্যসূচী এতিয়া অতীত

এয়া যোৱাবছৰ দৃশ্য আজিৰ দিনটোতে অতি উলহ-মালহেৰে জনসমুদ্ৰত পৰিনত হৈছিল সৰপাৰাস্থিত আৰ বি বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ। য'ত বিগত বছৰকেইটাত সাজি উলিওৱা হৈছিল ১১১ ফুট,১৫০ ফুট আদি উচ্চতাৰ ৰাৱন। সৰপাৰা ফ্রেণ্ডছ ক্লাৱৰ উদ্যোগত বিজয়া দশমী তথা দশেৰাৰ দিনা হেজাৰ হেজাৰ লোকৰ সন্মুখত সন্ধিয়া দাহন কৰা হৈছিল এই বিশাল আকৃতিৰ ৰাবন। কিন্তু এইবাৰ যেন নিমাওমাও পৰিৱেশ। মহামাৰী কৰ'ণাৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে সকলো কাৰ্যসূচী। ৰাৱন দাহ কৰা খেলপথাৰখনতো চৰকাৰে স্থাপন কৰিছে প্ৰায় ৮০০ খন বিচনাযুক্ত কভিড কেয়াৰ চেন্টাৰ ৷ মহামাৰীৰ বাবে ৰাইজৰ সেৱাত উচৰ্গা কৰা খেলপথাৰত থকা কভিড কেয়াৰ চেন্টাৰ আৰু জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ সৰপাৰা ফ্ৰেণ্ডছ ক্লাৱে আয়োজন নকৰিলে এই ৰাৱন দাহ কাৰ্যসূচী।

লগতে পঢ়ক: দেৱী বিসৰ্জনৰ বাবে সাজু কুশিয়াৰা নৈৰ ঘাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.