আজাৰা/দক্ষিণ কামৰূপ, 23 জানুৱাৰী : কংগ্ৰেছ নেতৃত্বত গঠন হোৱা মহাজোঁট আৰু কা' আন্দোলনৰ পটভূমিত গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক আগন্তক নিৰ্বাচনলৈ আদৰণি জনালে ৰাজ্যৰ ৰেচম মন্ত্ৰী ৰঞ্জিত দত্তয় ৷ শুকুৰবাৰে মন্ত্ৰীগৰাকীয়ে পলাশবাৰী সমষ্টিত উপস্থিত হৈ বাগান জাৰাপাটা খেল পথাৰত আয়োজন কৰা এক সভাত অংশ লৈ জিলাখনৰ ৰেচম পিয়ল কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৷ উক্ত সভাৰ পিচতেই ৰঞ্জিত দত্তই সাংবাদিকক সম্বোধন কৰে ৷
সাংবাদিকৰ প্ৰশ্ন উত্তৰত তেওঁ কয়, আগন্তক নিৰ্বাচনত মহাজোঁটৰ লগতে AJP আৰু ৰাইজৰ দলে বিজেপিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে ৷ ইয়াৰ বিপৰীতে বিজেপি মিত্ৰজোঁটে 100+ আসন লাভ কৰি 21 ত পুনৰ দিছপুৰ দখল কৰিব ৷ অসমৰ প্ৰায় সংখ্যক সমষ্টিতে বিজেপিৰ স্থিতি বহু পৰিমাণে শক্তিশালি বুলি মন্তব্য প্ৰকাশ কৰে ৰেচম মন্ত্ৰী ৰঞ্জিত দত্তয় ৷
ইয়াৰ সমান্তৰালভাৱে সাংবাদিকক সম্বোধন কৰি ৰঞ্জিত দত্তই এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক লক্ষ্য কৰি মন্তব্য প্ৰকাশ কাৰ দেখা যায় ৷ পোনচাতেই বদৰুদ্দিনক সাম্প্ৰদায়িক আখ্যা দিয়ে ৰঞ্জিত দত্তই ৷ বিজেপিৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰা আজমলৰ বিৰুদ্ধে ওলাই আহিবলৈ অসমৰ ৰাইজক লগতে বুদ্ধিজীৱি সকলোকও ৰঞ্জিত দত্তই আহ্বান জনায় ।
বিজেপিয়ে সাম্প্ৰদায়িক কৰা নাই, সাম্প্ৰদায়িক মন্তব্যৰে বিভাজনৰ ৰাজনীতি আজমলেহে কৰিছে ৷ আজমলে কৈছে বিজেপি আহিলে মজিদ বিলাক ভাঙি দিব, আজান দিব নোৱাৰিব ৷ এই মন্তব্যই প্ৰমাণ কৰে যে বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক মন্তব্যৰে বিভাজন ৰাজনীতিৰ আশ্ৰয় লৈছে ৷ ৰঞ্জিত দত্তই কয় ৷
নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলটো বদৰুদ্দিন আজমলৰ পৰা আঁতৰি আহিব লাগিছিল ৷ কিন্তু ৰাজ্য আন আন ৰাজনৈতিক দলৰ লগতে আজমলক লগত লৈ মহাজোঁট বন্ধনেৰে বিজেপি পৰাভূত কৰাৰ চিন্তা কৰিছে ৷ কংগ্ৰেছৰ এই সিদ্ধান্তই আগন্তুক নিৰ্বাচনত বিজেপিক অধিক সহায় কৰিব বুলিও ৰঞ্জিত দত্তই মন্তব্য প্ৰকাশ কৰে ৷
উল্লেখ্য যে, 21 ৰ নিৰ্বাচনত দিছপুৰৰ পৰা বিজেপিক উৎসাত কৰিবৰ বাবে প্ৰধান বিৰোধী দল কংগ্ৰেছ নেতৃত্বত ছয় দলীয় মহাজোঁট গঠন হৈছে ৷ সমান্তৰালভাৱে নতুনকৈ জন্ম হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজে দলেও বিজেপিক লক্ষ্য কৰিয়ে নিৰ্বাচনীক ৰণ কৌশল তৈয়াৰ কৰা দেখা গৈছে ৷
মনকৰিবলগীয়া মহাজোঁটৰ আন্তভূক্ত দল সমূহৰ নেতৃত্বই AJP আৰু ৰাইজৰ দলৰ নেতৃত্বক মহাজোঁটৰ লগত চামিল হ'বলৈ প্ৰায়ে আহ্বান জনোৱা দেখা গৈছে ৷ কিন্তু ইয়াৰ বিপৰীতে এই আহ্বানক পোনচাতেই নাকচ কৰিছে ৰাইজ দলৰ লগতে অসম জাতীয় পৰিষদৰ নেতৃত্বয় ৷
সাংবাদিকৰ আগত প্ৰায়ে দুয়োটা দলৰ নেতৃত্বই ৰাষ্ট্ৰীয়তাবাদী আৰু সাম্প্ৰদায়িকতাবাদৰ আশ্ৰয় লোৱা দলৰ লগতে কোনো ক্ষেত্ৰতে মিত্ৰতা নকৰে বুলি স্পষ্ট মত প্ৰকাশ কৰা দেখা গৈছে ৷ ইফালে অসম জাতীয় পৰিষদে অসমৰ জনগোষ্ঠীয় সংগঠনক লগত লৈ খিলঞ্জীয়া মৰ্চা গঠন কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে এই মৰ্চালৈ ৰাইজ দলে সমৰ্থন আগবঢ়াব বুলিও এক খবৰ প্ৰকাশ পাইছে ৷
লগতে পঢ়ক: অসম ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক প্ৰতিশ্ৰুতি সোঁৱৰালে দেৱব্ৰত শইকীয়াই