ETV Bharat / state

ভূমিকম্পৰ ফলত ৰঙিয়াৰ ৰে'ল দলঙত বৃহৎ ফাঁট - ৰে'লৱে দলঙত বৃহৎ ফাঁট

বুধবাৰে পুৱাই ৬.৭ প্ৰাবল্যৰ ভূমিকম্পৰ প্ৰবল জোকাৰণিয়ে কঁপালে সমগ্ৰ ৰাজ্য । ভূমিকম্পৰ ফলত ৰঙিয়াৰ হাতীখোলা ৫১৬ নং ৰে'লৱে দলঙত মেলিছে বৃহৎ ফাঁট । দলঙৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে ৰে'ল কৰ্তৃপক্ষই । বন্ধ হৈ পৰিছে ৰে'ল চলাচল ।

ৰঙিয়াৰ হাতীখোলা ৫১৬ নং ৰে'লৱে দলঙত বৃহৎ ফাঁট

author img

By

Published : Apr 28, 2021, 1:38 PM IST

ৰঙিয়া,২৮ এপ্ৰিল: ভূমিকম্পৰ ফলত বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হৈছে । ৰঙিয়াৰ বঙালীকুছিত থকা ৰে'লৱে দলঙত ভূমিকম্পৰ ফলত বৃহৎ ফাঁট মেলিছে । সম্প্ৰতি উক্ত ৰে'লপথেৰে ৰে'ল চলাচল বন্ধ কৰি দিয়া হৈছে ।

হাতীখোলা ৫১৬ নং ৰে'লৱে দলঙৰ ফাঁট মেলা অংশ মেৰামতিৰ বাবে বৰ্তমান কাম কৰি আছে ৰে'ল কৰ্তৃপক্ষই । বৰ্তমান ৰঙিয়া জংচন আৰু চাংসাৰী ষ্টেচনত আবদ্ধ হৈ আছে যাত্ৰীবাহী ৰে'ল ।

ভূমিকম্পৰ ফলত ৰঙিয়াৰ ৰে'ল দলঙত বৃহৎ ফাঁট

বহু সময় ধৰি ষ্টেচনতে আবদ্ধ হৈ থাকিবলগীয়া হোৱাত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । আনহাতে, ভূমিকম্পৰ ফলত হোৱা দলঙখনৰ ক্ষতিৰ বিষয়ে বুজ ল'বলৈ ঘটনাস্থলীত উপস্থিত হৈছে ৰে'ল বিভাগৰ কৰ্মচাৰীৰ লগতে ৰে'ল বিভাগৰ শীৰ্ষ বিষয়া ।

লগতে পঢ়ক: কৰিমগঞ্জত গ্ৰেপ্তাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.