ৰঙিয়া, 26 মাৰ্চ : ৰঙিয়াত প্ৰচাৰ অব্যাহত ৰাখিছে ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মণে ৷ ৰঙিয়াৰ আলু চকত প্ৰচাৰৰ মাজতে সাংবাদিকক সম্বোধন কৰি হৰেশ্বৰ বৰ্মণে কয়, মহাজোঁটত নাই এআইইউডিএফ ৷ মহাজোঁটৰ সভাত কংগ্ৰেছ, চিপিআইএম আৰু বিপিএফৰ পতাকা দেখা যায় । কিন্তু সভাত এআইইউডিএফৰ পতাকা নাই বুলি মন্তব্য প্ৰকাশ কৰে হৰেশ্বৰ বৰ্মণে ৷
ৰঙিয়া সমষ্টিত চিপিআইএমক সমৰ্থন কৰিবলৈ ৰাজি নহয় এআইইউডিএফ বুলি মন্তব্য প্ৰকাশ কৰে হৰেশ্বৰ বৰ্মণে ৷ লগতে মন্ত্ৰী ভবেশ কলিতাক কটাক্ষ কৰি কয়, ৰঙিয়াৰ ৰাইজ জাগিছে বাবে ভয়তে স্থিতি হেৰুৱাইছে মন্ত্ৰী ভবেশ কলিতাই । ভবেশ কলিতাই বৰ্তমান স্থিতিহীন ভাৱে দিশহাৰা হৈ ফুৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মণে ৷
লগতে পঢ়ক: ইভিএম লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ল নিৰ্বাচনী বিষয়া