ETV Bharat / state

ক'ৰোণা মহামাৰীয়ে ম্লান কৰিলে পূজাৰ বজাৰ - Rangia

আজি মহাষষ্ঠী পূজা,কিন্তু ৰাজ্যত নাই পূজাৰ উছাহ ৷ কোৰোণা মহামাৰীয়ে ম্লান কৰিলে পূজাৰ উছাহ ৷ বজাৰত নাই পূৰ্বৰ দৰে ভিৰ ৷ লোকচানৰ সন্মুখীন ব্যৱসায়ীসকল ৷

Puja market of Rangia
কোৰোণা মহামাৰীয়ে ম্লান কৰিলে পূজাৰ বজাৰ
author img

By

Published : Oct 22, 2020, 10:27 AM IST

ৰঙিয়া 22 অক্টোবৰ : ক'ৰোণা মহামাৰীয়ে সেমেকা কৰিলে দুৰ্গাপূজাৰ বজাৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো এইবাৰ দেখিবলৈ পোৱা গ'ল পূজাৰ সেমেকা বজাৰ ৷ দুৰ্গাপূজা বুলি ক'লেই বিশেষকৈ নতুন কাপোৰ এযোৰ লোৱাৰ ইচ্ছা সকলোৰে থাকে,কিন্তু ক'ভিড-১৯ৰ বাবে এইবাৰ বজাৰত নাই গ্ৰাহকৰ ভিৰ। দীৰ্ঘদিনীয়া লক ডাউনে জুৰুলা কৰা সাধাৰণ লোকসকলে পূজাৰ বতৰত ক্ৰয় কৰিব পৰা নাই নতুন সামগ্ৰী ৷ যাৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে কাপোৰৰ ব্যৱসায়ীসকল |

Puja market of Rangia
কোৰোণা মহামাৰীয়ে ম্লান কৰিলে পূজাৰ বজাৰ

পূজাৰ বতৰ বুলি নতুন নতুন ফেশ্বনৰ কাপোৰ আনিছিল যদিও কাপোৰবোৰ এতিয়াও গুদামতেই পৰি ৰৈছে গ্ৰাহকৰ অভাৱত ৷ পূৰ্বতে বছৰটোৰ প্ৰায় পঞ্চাশ শতাংশ উপাৰ্জন পূজাৰ বতৰতেই হৈছিল যদিও এইবাৰ পূজাৰ বতৰত ব্যৱসায়ীসকল লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ কৰ্মচাৰীসকলক দৰমহা,দোকানৰ ভাড়া,ঋণৰ টকা আদায় দিয়াৰ লগতে নিজৰ পৰিয়ালটোক কিদৰে পোহপাল দিব,তাক লৈ চিন্তিত হৈছে কাপোৰৰ দোকানৰ স্বত্বাধিকাৰীসকল ৷

লগতে পঢ়ক : চৰকাৰী নিৰ্দেশনা মানি ধেমাজিত অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.