মধ্যমখণ্ড, 28 ফেব্ৰুৱাৰীঃ উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড ফেৰী ঘাটত আজি ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ বিৰুদ্ধে এই প্ৰতিবাদ উত্তৰ গুৱাহাটীৰ স্থানীয় বাসিন্দাসকলৰ ৷ উত্তৰ গুৱাহাটী সচেতন যুৱ মঞ্চৰ উদ্যোগত আজি এই কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় লোকসকলে ৷
উল্লেখ্য যে, ভয়াৱহ নাও দুৰ্ঘটনাৰ পিচতে ২০১৯ চনৰ আজিৰ দিনটোতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ৩ খন নতুন ফেৰীৰ লগতে প্ৰদান কৰা হৈছিল এখন ৰ'ৰ' ফেৰী সেৱা ৷ কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উদ্বোধনৰ পিচৰে পৰাই স্থানীয় লোকসকলে দেখা নাই কোনো ৰ'ৰ' ফেৰী ৷ বিভাগটোৰ এনে কাৰ্যক নাটক আখ্যা উত্তৰ গুৱাহাটীৰ বাসিন্দাসকলৰ ৷
লগতে পঢ়কঃ