ETV Bharat / state

New assamese film Ganga : ৰাইজৰ অভূতপূৰ্ব সঁহাৰিত আপ্লুত টীম গংগা

শীঘ্ৰেই আহি আছে এখন নতুন ছবি ৷ মনোৰঞ্জনৰ সকলো উপাদানেৰে পৰিপূৰ্ণ ছবি গংগা এখন বোৱতী হিয়াই মুক্তি লাভ কৰিব 6 মে’ ত ৷ ছবিখনক লৈ আশাবাদী নিৰ্মাতাৰ লগতে কলা-কুশলীসকল (Promotion of new assamese movie Ganga) ৷

film ganga
গংগা এখনি বোৱতী হিয়াৰ প্ৰচাৰ অভিযান
author img

By

Published : Apr 27, 2022, 12:49 PM IST

বাইহাটা/ৰঙিয়া, 27 এপ্ৰিল: অসমীয়া ছবি উদ্যোগটোৰ ভাল দিন ঘূৰি আহিছে যেন অনুমান হয় ৷ শেহতীয়াকৈ কেইবাখনো অসমীয়া ছবিয়ে মুক্তি লাভ কৰিছে ৷ অসমীয়া ভাষা সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে অসমীয়া ছবিৰ গুৰুত্ব কিমান, সেয়া অসমীয়া লোকসকলেও নিশ্চয়কৈ বুজি উঠিছে ৷

6 মে’ ত মুক্তি পাবলগীয়া ছবি "গংগা-এখনি বোৱতী হিয়া" ৰ প্ৰচাৰ অভিযানৰ সময়তে দেখা গ’ল ৰাইজৰ বিপুল সঁহাৰি (Promotion of Assamese movie Ganga) ৷ ছবিখনৰ প্ৰচাৰৰ বাবে বাইহাটা চাৰিআলিত অৱস্থিত শংকৰদেৱ ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকনল’জিত মঙলবাৰে উপস্থিত হয় ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলী ৷

film ganga
গংগা এখনি বোৱতী হিয়াৰ প্ৰচাৰ অভিযান

এগৰাকী মাতৃৰ আৱেগৰ কাহিনীৰে ভৰপূৰ "গংগা, এখনি বোৱতী হিয়া" ছবিখন (Ganga Movie plot) ৷ ছবিখনত প্ৰস্তুতি পৰাশৰৰ লগতে অৰূপ বৈশ্য আৰু শিশু শিল্পী সৃষ্টি ৰয় আৰু অভিলাষা ডেকায়েও অভিনয় কৰিছে (New Assamese movie Ganga cast) ৷

ইয়াৰ পিছতে ৰঙিয়াত উপস্থিত হৈ ৰাইজৰ পৰা লাভ কৰা সঁহাৰিত অভিভূত হৈ পৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ লগতে ছবিখনৰ কলা-কুশলীৰ দলটো ৷ ৰঙিয়া মহাবিদ্যালয়ৰ পৰিৱেশ দেখি উৎফুল্লিত হৈ পৰে প্ৰচাৰৰ বাবে যোৱা তাৰকাসকল ৷ ৰঙিয়া মহাবিদ্যালয়ত উপস্থিত হৈ ছাত্র-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে তেওঁলোকে ৷ চিনেমাখন চাবলৈ সকলোকে আহ্বান জনায় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে (Actress Prastuti Parasar new movie) ৷

গংগা এখনি বোৱতী হিয়াৰ প্ৰচাৰ অভিযান

প্ৰস্তুতি পৰাশৰে লগতে কয় যে, দাক্ষিণাত‍্যৰ চিনেমাই যেনেদৰে বিশ্ব জয় কৰিবলৈ সক্ষম হৈছে, তেনেদৰে এদিন অসমীয়া চিনেমায়ো বিশ্ব জয় কৰিবলৈ সক্ষম হ’ব ৷ আনহাতে, বিহুৰ মঞ্চত জুবিন গাৰ্গে দাক্ষিণাত‍্যৰ ছবিৰ ক্ষেত্ৰত কৰা মন্তব‍্যৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেত্ৰী গৰাকীয়ে জুবিন গাৰ্গক সমৰ্থন কৰি কয় যে, কথাষাৰ যথেষ্ট আবেগিক । দাক্ষিণাত‍্যৰ লোকসকলে নিজৰ ভাষাক প্ৰাধন‍্য দিয়াৰ দৰে অসমীয়া ৰাইজেও নিজৰ ভাষা-সংস্কৃতিক প্ৰাধান‍্য দিয়াটো আৱশ‍্যকীয় ।

লগতে পঢ়ক: মডেলিং জগতত সফলতাৰে বাট বুলিছে লখিমপুৰৰ কণমানি আৰণ্যকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.