বৰপেটা, ৭ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিয়াগোম ৰাজহুৱা বিতৰণ খণ্ডত চলিছে চৰম অৰাজকতা । দুখীয়া জনসাধাৰণৰ বাবে চৰকাৰে যোগান ধৰি অহা বিনামূলীয়া চাউল বিক্ৰী হৈ আহিছে ক'লা বজাৰত । বৰপেটা আৰু কামৰূপ জিলাৰ একাংশ ধুৰন্ধৰ ব্য়ৱসায়ীৰ উদ্য়োগত চলি আছে এই ক'লা বজাৰ । আনহাতে ঘটনা সন্দৰ্ভত ৰহস্যজনকভাৱে নিমাত হৈ আছে ৰাজ্য চৰকাৰৰ বিয়াগোম যোগান বিভাগ ।
শেহতীয়াকৈ বুধবাৰে নিশাৰ ভাগত আৰক্ষীয়ে গোপন তথ্য়ৰ ভিত্তিত এক অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় ৩৬ বস্তা সুলভ মুল্যৰ চাউল । বৰপেটাৰ কাছুমাৰাৰ মৰিচাকান্ধিৰ পৰা চোৰাং চাউলসহ দুজন ঘোঁৰা গাড়ীচালকক আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, স্থানীয় সোণতলী সমবায় সমিতিৰ এজেন্ট নুৰুল ইছলামৰ নেতৃত্বত এইদৰে সুলভ মুল্যৰ চাউলসমূহ ক'লা বজাৰত বিক্ৰী হৈ আহিছে । ৰাজনৈতিক আশীৰ্বাদপুষ্ট নৰুল ইছলামে সমগ্ৰ চক্ৰটো নিয়ন্ত্ৰণ কৰি অহাৰ লগতে এইক্ষেত্ৰত ৰহস্য়জনকভাৱে নিমাত হৈ আছে যোগান বিভাগ আৰু আৰক্ষী প্ৰশাসন ।
যিটো সময়ত ৰাজ্য চৰকাৰে তিনিটকীয়া চাউল এটকাত দিয়াৰ কথা উল্লেখ কৰিছে তেনে সময়তে এইদৰে ৰাজহুৱা বিতৰণ ব্য়ৱস্থাৰ সুলভ মুল্যৰ চাউল ক'লা বজাৰত বিক্ৰী হৈ থকাটোৱে কি সূচাইছে ? আনহাতে সময়ে সময়ে আৰক্ষী কেৱল মাত্ৰ ৰাইজক দেখাবলৈ এনেকুৱা অভিযানৰ নেতৃত্ব দি অহাৰ লগতে আজিলৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল সমগ্ৰ চক্ৰৰ মুল হোতা নুৰুল ইছলামক ।