ETV Bharat / state

ক’ভিডত আক্ৰান্ত হৈ ৰঙিয়াত গৃহৰক্ষী জোৱানৰ মৃত্যু - গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

ক’ভিডত আক্ৰান্ত হৈ ৰঙিয়াৰ বৰঘুলিত এজনৰ মৃত্যু ৷ কৰ্তব্যৰত অৱস্থাত কৰ’ণাত আক্ৰান্ত হৈছিল ইছলাম আলী নামৰ এজন গৃহৰক্ষী জোৱান ৷ এইপৰ্যন্ত ৰঙিয়াত ক’ভিড আক্ৰান্তৰ সংখ্যা ৩৪২ অতিক্ৰম কৰিলে ৷

police person death on covid-19
ক’ভিডত আক্ৰান্ত হৈ ৰঙিয়াত গৃহৰক্ষী জোৱানৰ মৃত্যু
author img

By

Published : May 8, 2021, 9:39 PM IST

ৰঙিয়া, 8 মে': ৰঙিয়াৰ বৰঘুলিত ক’ভিডত আক্ৰান্ত হৈ এজনৰ মৃত্যু । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছে ৰঙিয়াৰ বৰঘুলিৰ ইছলাম আলী (৪১) নামৰ এজন গৃহৰক্ষী জোৱানৰ ৷ কৰ্তব্যৰত অৱস্থাত কৰ’ণাত আক্ৰান্ত হৈছিল গৃহৰক্ষী জোৱান ইছলাম আলী ৷ স্বাস্থ্য বিভাগৰ নিৰ্দেশমৰ্মে হোম আইচ'লেচনত আছিল গৃহৰক্ষী জোৱানজন ৷ তিনিদিন পূৰ্বে সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ।

শনিবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় গৃহৰক্ষী জোৱানজনৰ ৷ জোৱানজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিচতে সমগ্ৰ বৰঘুলি অঞ্চলত আতংকময় পৰিবেশে বিৰাজ কৰিছে । উল্লেখ্য যে, কিছুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ ৰঙিয়াৰ বনগাঁৱৰ কুশল চৌধুৰী (৫৪) নামৰ এজন লোকৰ মৃত্যু হৈছিল । এইপৰ্যন্ত ৰঙিয়াত ক’ভিড আক্ৰান্তৰ সংখ্যা ৩৪২ অতিক্ৰম কৰিলে ।

লগতে পঢ়ক : দেশত কৰ’ণা প্ৰতিষেধক প্ৰদানৰ নামত ব্যয় মাথো ৪,৭৪৪ কোটি: এক প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.