ছয়গাঁও, 29 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ যুঁজত সদা ব্যস্ত আৰক্ষী, সংবাদকৰ্মী আদি লোকক উৎসাহিত কৰাৰ উদ্দেশ্যে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ বুধবাৰে উপস্থিত হয় বকোত । বকো গড়কাপ্তানী বিভাগৰ ডাক বঙলাত বকো আৰক্ষী আৰু সংবাদকৰ্মী সকলে পালন কৰি অহা দায়িত্বক শলাগ লয় বিধায়ক গৰাকীয়ে ।
বিধায়কগৰাকীয়ে বকো আৰক্ষী, সংবাদকৰ্মীক বৰ্তমান সময়ত নিত্য ব্যৱহৃত চেনিটাইজাৰ, মাস্ক আদি প্ৰদান কৰে । সংবাদকৰ্মীসকলক প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰাৰ লগতে বকো প্ৰেছ ক্লাৱক 10 হাজাৰ টকা প্ৰদান কৰে । এনে স্পৰ্শকাতৰ সময়তো কাম কৰি থকা এইসকল লোকক উৎসাহিত কৰাৰ বাবে বিধায়কগৰাকীক ধন্যবাদ জ্ঞাপন কৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মন আৰু বকোৰ সংবাদকৰ্মী সকলে ।
লগতে পঢ়কঃ সামাজিক দূৰত্বৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে কপিকুলে