ETV Bharat / state

ছাইবাৰ অপৰাধ সম্পৰ্কে ৰঙিয়াত আৰক্ষীৰ সজাগতা সভা

author img

By

Published : Jun 12, 2022, 9:08 PM IST

দেওবাৰ ৰাইজৰ লগতে বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য ৰঙিয়াত কামৰূপ আৰক্ষীয়ে আয়োজন কৰিলে ছাইবাৰ অপৰাধ সম্পৰ্কে এক সজাগতা সভা (Meeting on cybercrime awareness organized by Assam police) ।

meeting-on-cybercrime-awareness-organized-by-assam-police-at-rangia
ৰঙিয়াত অনুষ্ঠিত ছাইবাৰ অপৰাধ সম্পৰ্কে এখন সজাগতা সভা

ৰঙিয়া, 12 জুন: কামৰূপ আৰক্ষীয়ে গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ । ৰাইজৰ লগতে বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য ৰঙিয়াত কামৰূপ আৰক্ষীয়ে আয়োজন কৰিলে ছাইবাৰ অপৰাধ সম্পৰ্কে এক সজাগতা সভা ( Meeting on cybercrime awareness organized by Assam police) । ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত আয়োজন কৰা (Awareness meeting at Rangia) সভাখনত কামৰূপ আৰক্ষীৰ বহুকেইগৰাকী শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে ৷

গুৱাহাটীৰ চি আই ডি বিভাগৰ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামীয়ে (SP Pranabjyoti Goswami at Rangia) সভাখনত উপস্থিত লোকসকলৰ আগত ছাইবাৰ অপৰাধ সম্পৰ্কে ভাষণ প্ৰদান কৰে । উপস্থিত ৰাইজক ছাইবাৰ অপৰাধ সম্পৰ্কে অধিক তথ্য দিয়াৰ বাবে সভাখনত এখন নাটকো মঞ্চস্থ কৰা হয় ।

আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে ভাষণৰ জৰিয়তে আৰু কলা-কুশলীসকলে নাটক জৰিয়তে উপস্থিত সকলোকে ছাইবাৰ অপৰাধ কেনেদৰে সংঘটিত হয় (How Cyber crime happens) তথা ইয়াক কেনেদৰে ৰোধ কৰিব পাৰি (How to prevent Cyber Crime) তাৰ বিষয়ে বৰ্ণনা কৰে । বিশেষকৈ বেংকৰ একাউণ্টৰ পৰা ধন হৰলুকি হোৱা, ফেচবুকৰ জৰিয়তে হোৱা অপৰাধ সমুহ আৰু ব্যৱসায়ৰ বিভিন্ন অনলাইন চাইটৰ জৰিয়তে হোৱা অপৰাধ আৰু সৰ্বসাধাৰণে গ্ৰহণ কৰিবলগীয়া সাৱধানতা সম্পৰ্কে ব‍হলভাৱে আলোচনা কৰা হয় সভাখনত ।

ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ উদ্দেশ্যে (Raising awareness of cybercrime) এখন কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় । সভাৰ শেষত প্ৰতিযোগিতাত বিজয়ী সকলক পুৰস্কাৰ বিতৰণ কৰে আৰক্ষী বিষয়া সকলে । সভাখনত চি আই ডি বিভাগৰ আৰক্ষী অধিক্ষক প্ৰণৱজ্যোতি গোস্বামী, আই আই টি গুৱাহাটীৰ অধ্যাপক অশোক কুমাৰ নন্দীৰ লগতে বহুকেইগৰাকী শীৰ্ষ আৰক্ষী বিষয়া প্ৰমুখ্যে ৰঙিয়া মহকুমাৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: KAAC Election 2022 Result: কোনে মাৰিব শেষ হাঁহি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.