ETV Bharat / state

উচ্চতৰ মাধ্যমিক পৰীক্ষাত অষ্টম স্থানপ্ৰাপ্ত চিন্ময় নাথক সম্বৰ্ধনা কমলা কলিতাৰ

উচ্চতৰ মাধ্যমিক পৰীক্ষাত অষ্টম স্থানপ্ৰাপ্ত চিন্ময় নাথক সম্বৰ্ধনা কমলা কলিতাৰ ৷ আগন্তুক নিৰ্বাচনত পলাশবাৰী সমষ্টিৰ পৰা কমলা কলিতাই প্ৰতিদ্বন্দিতা কৰাৰ সন্দেহ কৰা হৈছে ৷

Kamala Kalita felicitated 8th rank holder in science stream
উচ্চতৰ মাধ্যমিক পৰীক্ষাত অষ্টম স্থানপ্ৰাপ্ত চিন্ময় নাথক সম্বৰ্ধনা কমলা কলিতাৰ
author img

By

Published : Jun 28, 2020, 9:47 AM IST

আজাৰা, 28 জুন : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে অষ্টম স্থান লাভ কৰা দক্ষিণ কামৰূপৰ বঙৰাৰ চিন্ময় নাথৰ ঘৰত শনিবাৰে উপস্থিত হৈ সম্বৰ্ধনা জনাই খাদী আৰু গ্ৰামোন্নয়ন বিভাগৰ অধ্যক্ষা কমলা কলিতাই । উল্লেখ্য যে, চিন্ময় নাথে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাৰ পৰা অৱতীৰ্ণ হৈছিল । চিন্ময়ে সৰ্বমুঠ 475 নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয় । ছাত্ৰজনৰ এই সাফল্যত বিভিন্ন দল-সংগঠনে শুভেচ্ছা জনোৱাৰ সমান্তৰালভাৱে শুকুৰবাৰে খাদী আৰু গ্ৰামোন্নয়ন বিভাগৰ অধ্যক্ষ কমলা কলিতাই চিন্ময় নাথৰ বাসগৃহত উপস্থিত হৈ জাপি-গামোছাৰে সম্বৰ্ধনা জনায় ৷ কলিতাই চিন্ময়ক 10 হাজাৰ টকাৰ অনুদান আগবঢ়োৱাৰ লগতে উচ্চশিক্ষাৰ বাবে যিকোনো সহায় কৰাৰ আশ্বাস দিয়ে ।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত অষ্টম স্থানপ্ৰাপ্ত চিন্ময় নাথক সম্বৰ্ধনা কমলা কলিতাৰ

কমলা কলিতাৰ এই পদক্ষেপৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য জড়িত থকাৰ সন্দেহ কৰা হৈছে ৷ আগন্তুক নিৰ্বাচনৰ বাবে কমলা কলিতাই এতিয়া পলাশবাৰীত খোপনি পাতিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷ যিজন নেতাই পূৰ্বতে পলাশবাৰীত কোনো ধৰণে সামাজিক কাম কৰা নাছিল সেইজন নেতাই এতিয়া সমাগত বিধানসভা নিৰ্বাচনৰ টিকটৰ লালসাত অঞ্চলটোত সামাজিক কামত কৰিছে নেকি বুলি সন্দেহ কৰিছে । অগপ প্ৰাক্তন মন্ত্ৰী তথা খাদী আৰু গ্ৰামোন্নয়ন বিভাগৰ অধ্যক্ষ কমলা কলিতাই যোৱা নিৰ্বাচনত ছয়গাঁৱৰ পৰা পৰাজিত হোৱাৰ পাছত এতিয়া পলাশবাৰী সমষ্টিৰ হৈ টিকেট বিচৰা বুলি গুজৱ চলিছে ।

লগতে পঢ়ক: ভাৰত মাতৃৰ সুযোগ্য সন্তান আৰু এজন ফ্ৰেইণ্ড, ফিল’ছফাৰ, গাইডলৈ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.