সোণাপুৰ, 26 মাৰ্চঃৰাজ্যত অব্যাহত পাহাৰ খনন কাৰ্য ৷ বহু ভূ- মাফিয়াই উপাৰ্জনৰ পথ হিচাপে বাচি লৈছে বনাঞ্চলক৷ সোণাপুৰৰ পাঠৰকুচিৰ পাহাৰতদীৰ্ঘদিন ধৰি চলি আছে খনন কাৰ্য ৷ পাঠৰকুচিৰ দাগ নম্বৰ83,85,86,87 আৰু 7,23,24ৰ প্ৰায় 12 বিঘা পাহাৰত চকু পৰিছে একাংশ ভূ-মাফিয়াৰ ৷ এই পাহাৰ খননকৰাৰ অনুমতি খোদ প্ৰশাসনে প্ৰদান কৰিছে শিখা দে নামৰ এজন ব্যক্তিক আৰু শিখা দেই পাহাৰ খননৰ দায়িত্ব প্ৰদান কৰিছে মনোজ বৰুৱা নামৰ এজন বিজেপি কৰ্মীক ৷
উল্লেখযোগ্য যে বনমন্ত্ৰী পৰিমল শুক্লবদ্যৰ লগত মনোজ বৰুৱাৰ ভাল সম্পৰ্ক হোৱাৰ বাবে নিজ ইচ্ছামতেই মনোজ বৰুৱাই তহিলং কৰিছে পাহাৰ ৷ পাহাৰৰ লগতে সোণাপুৰৰ বহু কৃষি পথাৰ ৰঙামাটিৰে পুতি পেলোৱাৰ বাবে অঞ্চলটোৰ খেতিয়কসকলনানান সমস্যাত ভুগিবলগীয়া হৈছে ৷ স্থানীয় ৰাইজৰ মতে বন বিভাগৰ গাফিলতিৰ বাবেই ৰাজ্যৰ পাহাৰ খনন কাৰ্য বন্ধ নহয়, বৰঞ্চবৃৃদ্ধিহেপাইছে ৷