দক্ষিণ কামৰূপ/আজাৰা, 2 অক্টোবৰ : পুনৰ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত 24 ঘণ্টাৰ ভিতৰত পাতলীয়া বৰষুণ অহাৰ উপৰিও এই বৰষুণ অহা 6 অক্টোবৰ পৰ্যন্ত হোৱাৰ সম্ভাৱনা সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।
বে' অফ বেংগল সাগৰ পৃষ্ঠৰ পৰা 5.8 কিল'মিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহাৰ ফলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বেছিভাগ ঠাইত বৰষুণৰ প্ৰভাৱ পৰিব । 24 ঘন্টাৰ পৰা অহা 3 আৰু 4 অক্টোবৰলৈ অসম, মেঘালয়, মণিপুৰ, মিজোৰামৰ লগতে 5 আৰু 6 আগষ্টত অৰুণাচল প্ৰদেশৰ বেছিভাগ ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী প্ৰদান কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।
উল্লেখ্য যে, এই বৰষুণ আজি নিশাৰ পৰাই গুৱাহাটীত হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক : ছয়গাঁৱত মুখত মাস্ক নিপিন্ধাকৈ বিজেপিৰ সভা