গুৱাহাটী,7মে': মহানগৰীত এটাৰ পাচত আনটো মন্দিৰত চোৰৰ চাফাই অভিযান । এইবাৰ চোৰৰ দৃষ্টি পৰিল উজান বজাৰস্থিত হনুমান মন্দিৰত। সোমবাৰে নিশা উজান বজাৰৰ হনুমান মন্দিৰৰ পৰা চোৰে লুটি নিলে নগদ ২৫ হাজাৰ টকা। হনুমান মন্দিৰৰ কার্যালয়ৰ তলা ভাঙি চোৰে ২৫ হাজাৰ টকাৰ লগতে লুটি নিলে মন্দিৰৰ দানপাত্ৰ ।
মঙলবাৰে পুৱাৰ ভাগত মন্দিৰৰ পুৰোহিত মন্দিৰলৈ আহি মন্দিৰৰ কার্যলায়ৰ তলা আৰু মন্দিৰৰ দানপাত্ৰ তলা ভঙা দেখি আৰক্ষীক খবৰ দিয়ে । ইতিমধ্যে আৰক্ষীয়ে মন্দিৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, প্ৰায় ৫ মাহ পূৰ্বে উজান বজাৰস্থিত উগ্ৰতাৰা দেৱালয়ৰ পৰা চোৰে নগদ ধনসহ মন্দিৰৰ বিগ্ৰহ লুটি নিছিল ৷