ETV Bharat / state

মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ সুমন হৰিপ্ৰিয়াৰ 10 লাখ টকাৰ অনুদান ,লগতে আগবঢ়াব এক মাহৰ দৰমহাও

author img

By

Published : Mar 31, 2020, 7:33 PM IST

হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই বিধায়িকা পুঁজিৰ পৰা মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ আগবঢ়াইছে 10 লাখ টকাৰ অনুদান ৷ লগতে আগবঢ়াব এক মাহৰ দৰমহাও ৷

hajo mla donate 10 lac to chief minister fun
মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ সুমন হৰিপ্ৰিয়াই আগবঢ়ালে 10 লাখ টকাৰ অনুদানৰ লগতে এক মাহৰ দৰমহা

হাজো,31 মাৰ্চঃ কৰ'ণাক লৈ বিশ্বজুৰি আতংকময় পৰিৱেশ ৷ ভাৰতবৰ্ষত এনে ভয়াৱহ কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মোডীয়ে ২১ দিনৰ বাবে সমগ্ৰ দেশত লক-ডাউন ঘোষণা কৰিছে । অসমত এতিয়ালৈকে এই ৰোগত এজনো কৰ'ণা আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই যদিও অসমত এই ৰোগ সংক্ৰমণ নহ'বৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে বিভিন্ন ফলপ্ৰসূ কাৰ্যসূচী । অসমত কৰ'ণাৰ সৈতে মোকাবিলা কৰিবলৈ যিয়ে যেনেকৈ পাৰে অনুদান দিয়াৰ বাবে আহ্বান জনাইছিল মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়ে । মন্ত্ৰী দুয়োগৰাকী এনে আহ্বান প্ৰতি সঁহাৰি জনাই ওলাই আহিছে বিভিন্ন দল সংগঠনৰ লগতে বহু শুভাকাংক্ষী ৷ শেহতীয়াকৈ হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই বিধায়িকা পুঁজিৰ পৰা ১০ লাখ টকাৰ অনুদান আগবঢ়াইছে মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ । কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ জড়িয়তে এই ধন আগবঢ়ালে সুমন হৰিপ্ৰিয়াই ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ এমাহৰ দৰমহাও আগবঢ়াব বিধায়িকা গৰাকীয়ে ৷

লগতে পঢ়কঃ বিধায়ক,চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ ঘোষণা তেলেংগানাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.