ETV Bharat / state

বন বিভাগে নহয় গাওঁবাসীয়ে উদ্ধাৰ কৰিলে বিলুপ্তপ্ৰায় হাড়গিলা - পৰিৱেশ প্ৰদূষণৰ প্ৰভাৱত দিনে দিনে হাড়গিলাৰ সংখ্যা কমি আহিছে

কিমান দায়বদ্ধ ৰাজ্যৰ বন বিভাগ ! শুকুৰবাৰে স্থানীয় ৰাইজে কমলপুৰৰ বৰুৱাজানী গাঁৱত মুমুৰ্ষ অৱস্থাত উদ্ধাৰ হৈছে এটা হাড়গিলাৰ পোৱালি (greater adjutant stork rescue at kamalpur) ৷ এই ঘটনাৰ যথেষ্ট সময় উকলি যোৱাৰ পাচতো কোনো ধৰণৰ পদক্ষেপ নল'লে বন বিভাগে ৷

hargila-recoverd-by-kamalpur-local-people-at-baihata
কিমান দায়বদ্ধ ৰাজ্যৰ বন বিভাগ !
author img

By

Published : Dec 11, 2021, 2:13 PM IST

বাইহাটা, 11 ডিচেম্বৰ : শুকুৰবাৰে কামৰূপ(গ্ৰাম্য) জিলাৰ কমলপুৰৰ বৰুৱাজানী গাঁৱত মুমুৰ্ষ অৱস্থাত উদ্ধাৰ হৈছে এটা হাড়গিলাৰ পোৱালি(greater adjutant stork rescue at kamalpur) ৷ স্থানীয় ৰাইজৰ তত্বাৱধানত উদ্ধাৰ হয় এই হাড়গিলা পোৱালিটো ৷

বিলুপ্তপ্ৰায় হাড়গিলাটো উদ্ধাৰ কৰি স্থানীয় ৰাইজে বন বিভাগৰ হাজো ৰেঞ্জ, চিলা ৰেঞ্জৰ লগতে ৰঙিয়াৰ বিট অফিচত খবৰ দিয়ে ৷ প্ৰতিটো ৰেঞ্জে এই ঘটনা নিজৰ এলেকাৰ নহয় বুলি কৈ দায় সামৰে । আনকি হাড়গিলা পোৱালিটো উদ্ধাৰৰ প্ৰায় 36 ঘণ্টা উকলি যোৱাৰ পিছতো উন্নত চিকিৎসাৰ লগতে খোৱা-বোৱাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বন বিভাগে ৷ যাৰ ফলত পকেটৰ ধন খৰচ কৰি মাছ কিনি পোৱালিটোক খাবলৈ দিয়ে স্থানীয় ৰাইজে ৷

ইয়াৰোপৰি হাড়গিলা সংৰক্ষণ কৰা এটি সংস্থাক খবৰ দিবলৈ চেষ্টা কৰে যদিও ফোন ধৰিবলৈ যেন আহৰি নাই সংস্থাটোৰ ৷ যাৰ বাবে এতিয়া বিমোৰত পৰিছে স্থানীয় ৰাইজ ৷

কিমান দায়বদ্ধ ৰাজ্যৰ বন বিভাগ !

উল্লেখ্য যে, বৰ্তমান সময়ত জলাশয়সমূহ লাহে লাহে শুকাই যোৱাৰ ফলত বাঁহ সজা স্থানৰ অভাৱত হাড়গিলাৰ সংখ্যা বিপদজনকভাৱে হ্ৰাস পাই আহিছে । দ্ৰুতগতিত হোৱা পৰিৱেশ প্ৰদূষণৰ প্ৰভাৱতো দিনে দিনে হাড়গিলাৰ সংখ্যা কমি আহিছে ৷ বৰ্তমান সময়ত হাড়গিলাক সংকটাপন্ন প্ৰজাতিৰ পক্ষী হিচাপে আখ্যা দিয়া হৈছে ।

সেয়ে সংকটাপন্ন প্ৰজাতিৰ এই পক্ষীটোৰ প্ৰতি বন বিভাগে কৰা আচৰণে উদঙাইছে ৰাজ্যৰ বন বিভাগৰ লগতে হাড়গিলা সংৰক্ষণৰ নামত থকা সংস্থাসমূহৰ ফোঁপোলাস্বৰূপ ৷

লগতে পঢ়ক : Bear Scare in Nalbari : নলবাৰীৰ আল্লিয়াতো ভালুকৰ আতংকত শংকিত গঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.