গুৱাহাটী,17 জুলাইঃ মহানগৰীৰ সমীপৰ মাজিৰিগাঁৱত ব্ৰহ্মপুত্ৰই চিঙিলে ৰিংবান্ধ ৷ প্লাৱিত বৃহৎ অঞ্চল । বিপদ আনিব পাৰে বৰঝাৰ বিমানবন্দৰলৈও। কাল ৰূপ ধাৰণ কৰিছে বুঢ়ালুইতে। উজনি-নামনিৰ প্ৰায়বোৰ অঞ্চল এতিয়া পানীৰ তলত। ৰাজ্যৰ ৩১ খন জিলাই বুৰ গৈছে বানত ।
দক্ষিণ কামৰূপৰ ৰামপুৰ,চিমিনা,ফুটুৰী,নহিৰা,গুইমাৰা,সাতপখলী,পলাশবাৰী আদিৰ প্ৰায়বোৰ অঞ্চল বুৰ গৈছে পানীত। পশ্চিম গুৱাহাটী সমষ্টিৰ মাজিৰিগাঁৱত ব্ৰহ্মপুত্ৰৰ ৰিংবান্ধ চিঙি পেলালে অশান্ত বুঢ়ালুইতে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত ব্ৰহ্মপুত্ৰৰ পানীয় 3 টা ৰিংবান্ধৰ ওপেৰেৰে নিগৰি যায় ৷ এই দৃশ্য প্ৰত্যক্ষ কৰিয়েই স্থানীয় লোকে ৰিংবান্ধৰ ওপৰত বস্তা দি প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল যদিও প্ৰৱল পানীৰ সোঁতে এটা ৰিংবান্ধ চিঙি পেলায় ৷ যাৰ ফলত এতিয়া মাজিৰিগাও,আগছিয়াৰ লগতে শ্বহীদ ভাস্কৰ কলিতাৰ সমাধিস্থল বুৰ গৈছে ব্ৰহ্মপুত্ৰৰ পানীত। স্থানীয়লোকৰ ম'তে এনে বান 1998 চনৰ পাচত এয়াই প্ৰথমবাৰৰ বাবে হৈছে।
উল্লেখ্য যে,এই গাঁৱকেইখনৰ কিছুদূৰতে লাগি আছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । যদিহে এনেদৰে ব্ৰহ্মপুত্ৰৰ পানী এই অঞ্চলসমূহলৈ সোমাই থাকে তেন্তে শীঘ্ৰে বিপদ আনিব বৰঝাৰ বিমানবন্দৰলৈও ।