ETV Bharat / state

Education Minister Ranoj Pegu: বিদ্যালয় প্ৰাদেশীকিকৰণ আইন সংশোধনৰ কোনো প্ৰস্তাৱ নাই ৰাজ্য চৰকাৰৰ: শিক্ষামন্ত্ৰী

author img

By

Published : Jul 22, 2022, 2:23 PM IST

বিদ্যালয় প্ৰাদেশীকিকৰণ আইনখন সংশোধনৰ কোনো প্ৰস্তাৱ নাই ৰাজ্য চৰকাৰৰ ৷ বিদ্যালয় প্ৰাদেশীকৰণক লৈ ৰাজ্যত একাংশই অপপ্ৰচাৰ চলাই থকা বুলি মন্তব্য কৰি প্ৰাদেশীকৰণ বিল সংশোধনৰ কোনো প্ৰস্তাৱ চৰকাৰৰ নাই বুলি স্পষ্ট কৰি দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

Education Minister Ranoj Pegu at Barpeta
শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগু

বৰপেটা, 22 জুলাই : ৰাজ্যত যিমানসংখ্যক বিদ্যালয়ৰ প্ৰয়োজন তাতকৈ অধিক সংখ্যক বিদ্যালয় থকা বুলি দাবী কৰি ৰাজ্যখনত আৰু উপৰঞ্চি বিদ্যালয়ৰ প্ৰয়োজন নাই বুলি শুকুৰবাৰে বৰপেটাত উল্লেখ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে(Education Minister Ranoj Pegu at Barpeta) ৷ ফলত ২০১৭ চনৰ বিদ্যালয় প্ৰাদেশীকৰণ সংশোধনী আইনৰ আওতাৰ অধীনত নপৰা বিদ্যালয় প্ৰাদেশীকৰণ কৰা নহ’ব বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগু

এইক্ষেত্ৰত ২০১৭ চনৰ আওতাত নপৰা বিদ্যালয়সমূহ সংশোধনীৰ জৰিয়তে প্ৰাদেশীকৰণ কৰা হ’ব বুলি একাংশই অপপ্ৰচাৰ চলাই থকা বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ অৱশ্যে ২০১৭ চনৰ আওতাত পৰা কোনো বিদ্যালয়ৰ কোনো শিক্ষক প্ৰাদেশীকৰণৰ পৰা বাদ পৰি যোৱা নাই বুলি মন্তব্য কৰি যদিহে কোনোবা বাদ পৰি গৈছে তেন্তে তেওঁলোকক আবেদন জনাবলৈ আহ্বান জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

ইপিনে জাতীয় শিক্ষানীতিত সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়টো ইংৰাজী ভাষাত পাঠ্যপুথি প্ৰণয়ন কৰা হ’ব বুলিও জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ অৱশ্যে শিক্ষাৰ মাধ্যম অসমীয়া হৈ থাকিব বুলিয়ো স্পষ্ট কৰি দিয়ে শিক্ষামন্ত্ৰীয়ে ৷ প্ৰতিযোগিতামুলক পৰীক্ষাসমূহৰ কথা ভাবিয়েই ছাত্ৰ-ছাত্ৰীসকলক সৰুৰ পৰাই গঢ়ি তোলাৰ লক্ষ্যৰে উক্ত বিষয় দুটা ইংৰাজী ভাষাত প্ৰণয়নৰ কৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

লগতে পঢ়ক : Congress Protest : নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদত আৰক্ষীৰ বাধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.