গুৱাহাটী, ১৭ অক্টোবৰ: ৰাজ্যত এক সমাধান নোহোৱা সমস্যা হৈ পৰিছে ড্ৰাগছৰ সৰবৰাহ(Assam police against drugs) ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে এই বৰবিহ ৷ ইফালে এই বৰবিহৰ কৱলত পৰিছে ইজনৰ পাছত সিজনকৈ নৱপ্ৰজন্ম(Anti drugs mission by Assam police) । ৰাজ্যত আৰক্ষী প্ৰশাসনৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ সময়তে শনিবাৰে নিশা আমিনগাঁৱত জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ ।
শনিবাৰে নিশা মহানগৰ আৰক্ষী আৰু কামৰূপ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায় জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ(Drugs seized in Amingaon) । নিশা অভিযান চলায় ৭৫০ গ্ৰাম হেৰ'ইন জব্দ কৰাৰ লগতে মহিলাসহ তিনিজন লোকক আটক কৰে । ML05M0748 নম্বৰৰ এখন বলেৰো বাহনৰ পৰা জব্দ কৰে ড্ৰাগছখিনি । জব্দকৃত ড্ৰাগছখিনিৰ মূল্য আঠ কোটি টকা হ'ব বুলি উল্লেখ কৰে আৰক্ষীয়ে ।
এক গোপন সুত্ৰৰ পম খেদি আমিনগাঁৱত জব্দ কৰা হয় বাহনখন । বাহনখনৰ চিটৰ তলত গোপন চেম্বাৰ বনাই হেৰ'ইন খিনি সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল । ৬০ টা চাবোনৰ পেকেটত উদ্ধাৰ কৰা হয় ড্ৰাগছখিনি । মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল ড্ৰাগছখিনি । এগৰাকী মহিলাসহ তিনি কুকী ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । আৰক্ষীয়ে আটক কৰে কাৰ্বি আংলঙৰ খুপখলেন সিংচন, মনিপুৰৰ থাংখান চিয়াম, লালাম খনচাই ।
মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় আৰু DSP কল্যান পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান । মণিপুৰৰ পৰা কাৰ্বি আংলং হৈ পশ্চিমবংগলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ।
ইয়াৰ পাছতেই আমিনগাঁৱত ড্ৰাগছ জব্দ কৰা সন্দৰ্ভত কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে সম্বোধন কৰে এখনি সংবাদমেলৰ । সংবাদমেলত তেঁও উল্লেখ কৰে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বৰ্তমানো ৰাজ্যজুৰি চলি আছে ড্ৰাগছ বিৰোধী অভিযান । এমাহ পূৰ্বেই এই ড্ৰাগছ সৰবৰাহৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে আৰু তাৰেই ভিত্তিতেই আৰক্ষীয়ে চলাইছিল এই অভিযান ।
লগতে পঢ়ক: Erosion in Dhubri : ধুবুৰীত লুইতৰ পাৰত সমূহীয়া প্ৰাৰ্থন