ৰঙিয়া, 24 আগষ্ট: ৰঙিয়াত বুধবাৰে এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে হেৰ'ইনসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Drug peddler nabbed in Rangia)। ৰঙিয়াৰ চেপ্তিত পূৰ্বৰ পৰা খাপ পিটি থকা ৰঙিয়া আৰক্ষীয়ে হাতে-লোটে হেৰ'ইন সহ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে । সৰবৰাহকাৰীটো হৈছে ৰঙিয়াৰ পূৱ সাহানৰ ইউনুচ ৰহমান । অভিযান কালত আৰক্ষীৰ দলটোৱে ৬.৫০ গ্ৰাম হেৰ'ইন আৰু ২০ টা কন্টেইনাৰ জব্দ কৰে (Drugs seized in Rangia)।

ধৃত সৰবৰাহকাৰীটোৱে এটা পলিথিনৰ বেগত হেৰ'ইনখিনি লৈ খোজকাঢ়ি গৈ থকা অৱস্থাত আৰক্ষীৰ হাতত ধৰা পৰে । জব্দ হোৱা হেৰ'ইনখিনিৰ আনুমানিক বজাৰ মূল্য পাঁচ লক্ষাধিক টকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ (Drugs worth five lakhs seized by police)। দীৰ্ঘদিন ধৰি চেপ্তি, সাহান অঞ্চলত হেৰ'ইন সৰবৰাহ কৰি থকাৰ অভিযোগ ইউনুচৰ বিৰুদ্ধে । বৰ্তমান ৰঙিয়া থানাত হেৰ'ইন সৰবৰাহকাৰী ইউনুচক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
উল্লেখ্য যে, বিগত সময়চোৱাত ৰাজ্যত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ব্যাপক ৰূপত অভিযান চলাইছিল অসম আৰক্ষীয়ে (Assam police against drugs)৷ আৰক্ষীৰ হাতত বহু কুখ্যাৎ ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ হোৱাৰ লগতে কেইবাটাও ড্ৰাগছ ব্যৱসায়ী এনকাউন্টাৰত নিহতও হৈছে (Drugs peddler encounter) ৷ লগতে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গুলীৰ আঘাতত আহতও হৈছে বহু কেইটা ড্ৰাগছ ব্যৱসায়ী ৷
অসম আৰক্ষীয়ে অভিযানত জব্দ কৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ ইতিমধ্যে জিলাই জিলাই দাহন কৰা হৈছে (Anti drugs operation in Assam) ৷ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান অব্যাহত আছে যদিও তাৰ মাজতেই বিভিন্ন কৌশল প্ৰয়োগেৰে একাংশই চলাই আহিছে এই বৰবিহৰ বেহা ৷
লগতে পঢ়ক: থানাৰ সমীপতে চুৰি কৰি অৱশেষত আইচক্ৰীমেৰে পেটপূজা চোৰৰ