ETV Bharat / state

Kamalpur Model Hospital: কমলপুৰৰ আদৰ্শ হাস্পতালৰ দুৰৱস্থা

author img

By

Published : Jul 23, 2022, 12:30 PM IST

কামৰূপ জিলাৰ কমলপুৰস্থিত মহাত্মা গান্ধী আদৰ্শ হাস্পতালৰ এতিয়া জৰাজীৰ্ণ অৱস্থা (Poor condition of govt hospital at Kamalpur)। ৰোগীৰ বাবে সাধাৰণ সুবিধাও নাই হাস্পতালখনত । হাস্পতালখনৰ বিভিন্ন সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী ৰাইজৰ ।

Kamalpur Adarsha Hospital poor condition
কমলপুৰৰ আদৰ্শ হাস্পতালৰ দুৰৱস্থা

বাইহাটা চাৰিআলি : "অসমৰ প্ৰতিটো ক্ষেত্ৰতে এতিয়া উন্নয়নৰ ছবি দেখিবলৈ পোৱা গৈছে । কি স্বাস্থ্য, কি শিক্ষা কোনো ফালেই পিছ পৰি থকা নাই অসম । এতিয়া কেৱল চাৰিওফালে উন্নয়ন আৰু উন্নয়ন ।" এই মন্তব্য শাসকীয় মন্ত্ৰী, বিধায়ক লগতে বিজেপিৰ নেতা-পালি নেতাৰ । প্ৰকৃততে অসমখন তেওঁলোকে কোৱাৰ দৰে উন্নয়নৰ দিশে আগবাঢ়িছে জানো ?

কমলপুৰৰ আদৰ্শ হাস্পতালৰ দুৰৱস্থা

অসমৰ এখন চৰকাৰী হাস্পতালৰ দৃশ্য দেখিলেই আপুনি সকলো বুজি উঠিব । কামৰূপ জিলাৰ কমলপুৰত আছে সেই হাস্পতালখন । হাস্পতালখনৰ নাম মহাত্মা গান্ধী আদৰ্শ হাস্পতাল (Poor condition of Mahatma Gandhi Adarsha Hospital)। নামতহে আদৰ্শ । কিন্তু আপুনি হাস্পতালখন দেখিলে আচৰিত হ'ব কিয়নো আদৰ্শ হাস্পতালৰ যদি ছবি তেনেকুৱা হয় সাধাৰণ চৰকাৰী হাস্পতালৰ অৱস্থা কি হ'ব ।

আচলতে নানান সমস্যাৰে ভাৰাক্ৰান্ত আদৰ্শ হাস্পতালখন । চিকিৎসাৰ কোনো পৰিৱেশে নাই হাস্পতালখনত । হাস্পতালৰ চাৰিওফালে হাবি-জংঘলে আৱৰি ধৰিছে । হাবিৰ মাজত থকা হাস্পতালখনত আকৌ ৰোগীৰ বাবে নূন্যতম সুবিধাও নাই ।

সাধাৰণ তেজৰ নমুনা কৰিবলৈও ৰোগীয়ে ব্যক্তিগত পৰীক্ষাগাৰলৈ যাবলগীয়া হয় । কিয়নো চিকিৎসালয়খনত থকা পৰীক্ষাগাৰটো এতিয়া কেৱল কাগজে পত্ৰইহে আছে । দীৰ্ঘদিন ধৰি তাত সকলো ধৰণৰ পৰীক্ষাই বন্ধ হৈ আছে । সচৰাচৰ এখন চৰকাৰী হাস্পতালনত থাকিবলগীয়া ইউৰিন, মধুমেহ, ডেংগু, টাইফয়েড জ্বৰ আদিৰ পৰীক্ষাবোৰো বৰ্তমান বন্ধ হৈ আছে হাস্পতালখনত ।

ইয়াৰ উপৰিও চিকিৎসালয়খনত আছে X-Rayৰ ব্যৱস্থা । কিন্তু সেয়াও কেৱল নামতহে, কামত নাই । দুবছৰ পূৰ্বে হিনলেব ব্যৱস্থাটোও ইয়াৰ পৰা উঠাই লৈ গৈছে স্বাস্থ্য বিভাগে (There are no minimum facility in Govt Hospital)। এতিয়া এইবোৰ সমস্যাৰ বাবে চিকিৎসালয়খনত ৰোগীৰ সংখ্যা হ্ৰাস পাই আহিছে ।

বৃহত্তৰ অঞ্চলটোত থকা একমাত্ৰ চৰকাৰী হাস্পতালখনৰ এনে অৱস্থাৰ বাবে অঞ্চলটোৰ সাধাৰণ ৰোগীসকল এতিয়া বিপদত পৰিছে । সেয়েহে এই সমস্যাবোৰ দূৰ কৰি এখন পূৰ্ণাংগ চিকিৎসালয় হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে কমলপুৰৰ ৰাইজে । কথাৰে নহয় কামেৰে সকলো কৰি দেখুৱাবলৈও শাসকীয় পক্ষক দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক :Har Ghar Tiranga Abhiyan: ডিব্ৰুগড়ত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে উপায়ুক্ত বিশ্বজিৎ পেগুৱে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.