আমিনগাঁও,8 মে’ঃ কামৰূপৰ আমিনগাঁৱৰ সমীপৰ জয়গুৰুত উদ্ধাৰ এটা মৃতদেহ ৷ অঞ্চলটোৰ অন্নপূৰ্ণা এণ্টাৰপ্ৰাইজৰ সন্মুখত ৰখাই থোৱা এখন ট্ৰেইলাৰৰ চালকৰ কেবিনত উদ্ধাৰ মৃতদেহটো ৷ প্ৰাপ্ত তথ্য় অনুসৰি, সিং ধাবাৰ সমীপৰ অন্নপূৰ্ণা গুদামলৈ পশ্চিমবংগৰ পৰা চাউল লৈ আহিছিল এন এল ডি ৱাই এন 6021 নম্বৰৰ ট্ৰেইলাৰখনে ৷ বৃহস্পতিবাৰে জয়গুৰুৰ চিলামহে খাইতিৰ গুদামত চাউল ডেলিভাৰী দি লাভ কৰা বিলৰ ধন লৈ গাড়ীত বিশ্ৰাম লৈছিল কৈলাশ নামৰ শ্ৰমিকজনে ।
শুকুৰবাৰে পুৱা বাহনখনত পৰি থকা মৃতদেহটো প্ৰত্যক্ষ কৰে গুদামটোৰ একাংশ কৰ্মচাৰীয়ে । কৰ্মচাৰীসকলে স্থানীয় আৰক্ষীক খবৰ দিয়া মাত্ৰকে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্তৰ ৷ ইতিমধ্যে এটি চিকিৎসকৰ দলে মৃত শ্ৰমিকজনৰ শৰীৰৰ পৰা Covid 19 ৰ নমুনা সংগ্ৰহ কৰাৰ লগতে মৃতদেহটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে গৌৰীপুৰৰ উত্তৰ গুৱাহাটী আৰক্ষীয়ে ৷
লগতে চাওকঃ ৰে'ড জ'নত পৰিণত হ'ব নেকি অসম !