ETV Bharat / state

Covid Workers Protest : আমিনগাঁৱত ক'ভিড চাফাই কৰ্মীৰ প্ৰতিবাদ - Covid Cleaning Workers Protest at DC office

শুকুৰবাৰে ক'ভিড ১৯ চাফাই কৰ্মী সন্থাই কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৰ্ধ উলঙ্গ হৈ প্ৰতিবাদ সাব্যস্ত কৰে । চাফাই কৰ্মীসকলৰ স্থায়ী নিযুক্তিকে ধৰি কেইবাটাও দাবীৰে সাব্যস্ত কৰে এই প্ৰতিবাদ । আনহাতে, প্ৰতিবাদস্থলীত চৰকাৰবিৰোধী বিভিন্ন শ্লোগানো দিয়ে প্ৰতিবাদকাৰীসকলে (Covid Cleaning Workers Protest in Amingaon) ।

covid
covid
author img

By

Published : Oct 14, 2022, 4:25 PM IST

Updated : Oct 14, 2022, 5:08 PM IST

বাইহাটা চাৰিআলি, ১৪ অক্টোবৰ : ক'ভিড বিভীষিকাৰ (Covid pandemic) সময়ত সকলোৱে ঘৰতে নিৰাপদ অৱস্থান কৰাৰ সময়ত জীৱনক তুচ্ছ জ্ঞান কৰি সেৱা আগবঢ়াইছিল একাংশ স্বাস্থ্য তথা চাফাই কৰ্মীয়ে (Covid Cleaning Workers Stage Protest)। ক'ভিড বিভীষিকাৰ কথা আজিও সকলোৰে মনত আছে ।

Covid Workers Protest : আমিনগাঁৱত ক'ভিড চাফাই কৰ্মীৰ প্ৰতিবাদ

কিন্তু তেনে এক বিভীষিকাময় পৰিৱেশত নিজৰ জীৱন উৎসৰ্গা কৰিছিল কেইবা শ চাফাই কৰ্মীয়ে (Covid Cleaning Workers demanded job) । অৱশ্যে কামত নিযুক্ত কৰাৰ সময়ত স্থায়ী নিযুক্তিৰ আশ্বাস দিছিল তদানীন্তন স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) । কিন্তু সেইসকল ক'ভিড যোদ্ধাৰ কথা এতিয়া পাহৰিলে চৰকাৰে । যাৰ বাবে আমিনগাঁওস্থিত কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নিজৰ প্ৰাপ্যৰ বাবে প্ৰতিবাদত বহিবলগা হৈছে তেওঁলোক (Covid Cleaning Workers Protest at DC office) ।

শুকুৰবাৰে ক'ভিড ১৯ চাফাই কৰ্মী সন্থাই কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৰ্ধ উলঙ্গ হৈ প্ৰতিবাদ সাব্যস্ত কৰে । চাফাই কৰ্মীসকলৰ স্থায়ী নিযুক্তিকে ধৰি কেইবাটাও দাবীৰে সাব্যস্ত কৰে এই প্ৰতিবাদ । আনহাতে, প্ৰতিবাদস্থলীত চৰকাৰীবিৰোধী বিভিন্ন শ্লোগানো দিয়ে প্ৰতিবাদকাৰীসকলে (Covid Cleaning Workers Protest in Amingaon) ।

মুখ্যমন্ত্ৰী মুৰ্দাবাদ, পীযুষ হাজৰিকা মিছলীয়া, জয়ন্তমল্ল বৰুৱা মুৰ্দাবাদ আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে আমিনগাঁও । লগতে প্ৰতিবাদকাৰী ক'ভিড চাফাই কৰ্মীসকলৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰে পৰিস্থিতি । আনহাতে, ব্ৰহ্মপুত্ৰত আত্মজাহ দিয়াৰ বাবে উদ্যত প্ৰতিবাদকাৰীক বাধা দিয়ে আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীয়ে । ইফালে দহদিনৰ ভিতৰত উক্ত চাফাই কৰ্মীসকলক সংস্থাপন প্ৰদান নকৰিলে উলংগ প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য, এক সূত্ৰ মতে, অসম চৰকাৰে ২০২০ চনত ক'ভিড কেয়াৰ কেন্দ্ৰসমূহত ১,৩২৪ গৰাকী চাফাই কৰ্মীক নিয়োগ কৰিছিল । কিন্তু ক'ভিড অতিমাৰীৰ প্ৰকোপ কমাৰ পিছতে নিজৰ জীৱনক তুচ্ছ কৰি সেৱা আগবঢ়োৱা এইসকল চাফাই কৰ্মীৰ চাকৰিৰ ম্যাদ অন্ত পেলায় চৰকাৰে । এতিয়া এইসকল চাফাই কৰ্মীয়েই তেওঁলোকক স্থায়ী নিযুক্তি প্ৰদানৰ দাবীত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক :PMAY scheme: PMAY আঁচআঁনি ৰূপায়ণত ব্যৰ্থ অসম ৰ্থ চৰকাৰ

Last Updated : Oct 14, 2022, 5:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.