ETV Bharat / state

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই চুলাই মদৰ ঘাটিত অভিযান

author img

By

Published : Jul 14, 2021, 2:45 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (HIMNTA BISWA SARMA) ঘোষণাৰ পাছতে আবকাৰী বিভাগে (EXCISE DEPARTMENT) ৰাজ্যজুৰি চুলাই মদৰ ঘাটিৰ বিৰুদ্ধে অভিযান অধিক তীব্রতৰ কৰি তুলিছে । বাইহাটা চাৰিআলিৰ বৰ্মূলা গাঁৱত চলোৱা অভিযানত প্ৰায় 350 লিটাৰ চুলাই ধ্বংস কৰাৰ লগতে চুলাই মদ বনোৱা 2 হাজাৰ 500 কি:গ্ৰাম সামগ্ৰী নষ্ট কৰা পৰিলক্ষিত হৈছে ।

country-liquor-manufacturing-unit-busted-in-baihata-etv-bharat-news
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই চুলাই মদৰ ঘাটিত অভিযান

বাইহাটা, 14 জুলাই : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই তৎপৰ হৈ পৰিছে কামৰূপ জিলাৰ আবকাৰী বিভাগ। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (HIMNTA BISWA SARMA) ঘোষণাৰ পাছতে আবকাৰী বিভাগে (EXCISE DEPARTMENT) ৰাজ্যজুৰি চুলাই মদৰ ঘাটিৰ বিৰুদ্ধে অভিযান অধিক তীব্রতৰ কৰি তুলিছে । ক'ভিডত আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চুলাই ঘাটিসমূহ যাতে ক'ভিড সংক্ৰমণস্থলীলৈ পৰিণত নহয়, তাৰ বাবে ব্যাপক অভিযান চলাইছে আবকাৰী বিভাগে । মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পাছতেই ৰাজ্যৰ ভিন্ন প্ৰান্তত আবকাৰী বিভাগে চলোৱা অভিযানৰ লগতে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ চুলাই ঘাটিসমূহত আবকাৰী বিভাগে অভিযান তীব্রতৰ কৰি তুলিছে ৷

বাইহাটা চাৰিআলিৰ বৰ্মূলা গাঁৱত চলোৱা অভিযানত প্ৰায় 350 লিটাৰ চুলাই ধ্বংস কৰাৰ লগতে চুলাই মদ বনোৱা 2 হাজাৰ 500 কিলোগ্ৰাম সামগ্ৰী নষ্ট কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, আগন্তুক দিনটো যেতিয়ালৈকে চুলাই শেষ নহয় চুলাই ধ্বংসযজ্ঞ চলি থাকিব বুলি মন্তব্য কৰে আবকাৰী বিভাগৰ অধীক্ষক গৰাকীয়ে । চুলাই ধ্বংস অভিযান কালত চুলাই ধ্বংস কৰিবলৈ সক্ষম হয় যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল অভিযানকাৰী দলটোৱে ।

উল্লেখ্য যে, বিগত কেইবামাহ ধৰি চুলাই মদৰ ঘাটি উৎখাত কৰা ঘটনা পোহৰলৈ আহিছে ৷ চুলাই মদৰ ঘাটিবোৰৰ পৰা কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পিছতে আৰু অধিক তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন (POLICE AND ADMINISTRATIONS) আৰু আবকাৰী বিভাগ ।

উল্লেখ্য যে, দুদিন পূৰ্বে মুখ্যমন্ত্রীয়ে সংবাদমেলযোগে ৰাজ্যৰ বিভিন্ন অঞ্চলত চুলাই মদৰ ঘাটিবোৰত হোৱা সুৰাপায়ীৰ ভীৰ আৰু সেই ভীৰৰ পৰা ক'ভিডৰ সংক্ৰমণ (COVID) হোৱা বুলি উল্লেখ কৰিছিল । মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে গুৱাহাটী মহানগৰীতো চলিছে ব্যাপক অভিযান । আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ-আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ (MOUSUMI KOWAR) নিৰ্দেশত গুৱাহাটী সদৰ আৰু পাণ্ডু আৱকাৰী চক্ৰই মঙলবাৰে মালিগাঁও আৰক্ষী (MALIGAON POLICE )চকীৰ সহযোগত পাহাৰীয়া অঞ্চল ক্ৰমে আদিংগিৰি, মিঠা আমৰতল আৰু কালিখোলা চুলাই মদৰ ঘাটীত এক বৃহৎ অভিযান চলায় । অভিযান কালত চুলাই মদ প্ৰস্তুত কৰা ১৩ টা ভাটী ধ্বংস কৰা হয় ৷

ৰাজ্যত জাৰি কৰা লক ডাউনৰ মাজতে এনেদৰে অবৈধ নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা চলি থকা ঘটনাসমূহে আচম্বিত কৰি তুলিছে সচেতন জনতাক ৷ উক্ত ড্ৰাগছ ব্যৱসায়ত পুৰুষৰ সমান্তৰালকৈ মহিলাও জড়িত থকাৰ ঘটনা পোহৰলৈ আহিছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে পুৰুষৰ লগতে বহুকেইগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীকো আটক কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:গ্ৰাম্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত নাবাৰ্ডৰ ভূমিকা অপৰিসীম : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.