ETV Bharat / state

উত্তৰ গুৱাহাটীত অক্ষয় পাত্ৰ উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ - মধ্যাহ্ন ভোজন

উত্তৰ গুৱাহাটী শিলাগ্ৰাণ্টত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ কেন্দ্ৰীয় ৰান্ধনীশাল মুকলি কৰে সৰ্বানন্দ সোণোৱালে ৷ এই ৰান্ধনীশালত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ ৫০ হাজাৰ শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজন প্ৰস্তুত কৰি সময় মতে বিতৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

akshay patra
উত্তৰ গুৱাহাটীত অক্ষয় পাত্ৰ উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ
author img

By

Published : Jan 20, 2021, 10:14 PM IST

বাইহাটা চাৰিআলি, 20 জানুৱাৰী : কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী শিলাগ্ৰাণ্টত নিৰ্মিত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ কেন্দ্ৰীয় ৰান্ধনিশালটো বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰে । এই অনুষ্ঠানত স্বাস্থ্য, শিক্ষা, বিত্ত আদি দপ্তৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, এয়াৰ প’ৰ্ট অথৰিটিৰ অধ্যক্ষ অৰবিন্দ সিং সহ অন্যান্য বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । এই ৰান্ধনীশালত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ ৫০ হাজাৰ শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজন প্ৰস্তুত কৰি সময় মতে বিতৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

akshay patra
উত্তৰ গুৱাহাটীত অক্ষয় পাত্ৰ উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

উল্লেখ্য যে, ৰান্ধনীশালটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীক খাদ্য বিতৰণ কৰা দেখা যায় ৷ সম্পূৰ্ণ পৰিস্কাৰকৈ খাদ্য তৈয়াৰৰ বাবে ৰান্ধনীসালটোত যাৱতীয় সকলো যন্ত্ৰ-পাতি স্থাপন কৰা হৈছে ৷

লগতে পঢ়ক : ভূমি পট্টা দি নিজৰ ব্যৰ্থতা ঢাকিব খুজিছে চৰকাৰে : লুৰিণ জ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.