বাইহাটা, 8 জুনঃ বাইহাটা চাৰিআলিৰ এগৰাকী কনমানি ৷ দ্বিতীয় শ্ৰেণীত পঢ়ি থকা কনমানিগৰাকীয়ে শেহতীয়াকৈ চৰ্চালৈ আহিছে নিজৰ বিশেষ হস্তকলাৰ বাবে ৷
বাইহাটা চাৰিআলিৰ বাসিন্দা এইগৰাকী কনমানিৰ নাম হৈছে নীলাক্ষ ডেকা ৷
পখিলা খেদা বয়সত কোনোধৰণৰ উপযুক্ত প্ৰশিক্ষণ অবিহনেই কনমানিগৰাকীয়ে সাজি উলিয়াইছে বিভিন্ন ধৰণৰ মূৰ্তি ৷ জীৱ-জন্তুক অত্যধিক ভালপোৱা নীলাক্ষই তিনি বছৰ বয়সৰ পৰাই এইদৰে সাজি আহিছে এইসমূহ প্ৰতিমূৰ্তি ৷