ETV Bharat / state

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম প্ৰৱঞ্চনা ,বছৰ বছৰ ধৰি বিনা পাৰিশ্ৰমিকেৰে কৰ্মৰত শ শ কৰ্মচাৰী - public health

19 বছৰে কাম কৰি মাননিৰ নামত পাইছে মাত্ৰ 25 হেজাৰ টকা, চাকৰি কৰা দিনকেইটাৰ পাৰিশ্ৰমিকৰ আশাত এতিয়াও কৰ্মৰত হৈ আছে 65 বছৰীয়া লোক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম প্ৰৱঞ্চনা

বছৰ বছৰ ধৰি বিনা পাৰিশ্ৰমিকেৰে কৰ্মৰত শ শ কৰ্মচাৰী
author img

By

Published : Jul 25, 2019, 9:46 AM IST

ছয়গাঁও, 25 জুলাইঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো সংমণ্ডলৰ অধীনত থকা প্ৰায় দুশটা পানী যোগান আঁচনিত কৰ্মৰত লোক সকলে বছৰ বছৰ ধৰি পোৱা নাই দৰমহা ৷ অভিযোগ মতে, প্ৰায় 20 বছৰ পূৰ্বে ৰাজ্যৰ পানীযোগান আঁচনি সমূহৰ একাংশত অবৈতনিক ভাৱে বহু কৰ্মচাৰীক নিযুক্তি দিয়া হৈছিল ৷ তাৰ লগতে চৰকাৰে প্ৰতিটো পানী যোগান আঁচনিৰ বিপৰীতে এখনকৈ পৰিচালনা সমিতি গঠন কৰি দি কমৰ্চাৰী সকলৰ মাননি সমূহ উক্ত সমিতিৰ একাউণ্টত সোমোৱাৰ ব্যৱস্থা কৰিছিল আৰু ইয়াৰ জৰিয়তে সমিতিয়ে কৰ্মচাৰীসকলক মাননি আদায় দিছিল ৷ কিন্তু পৰিতাপৰ কথা যে, উক্ত সমিতি সমূহৰ একাউণ্টত মাত্ৰ দুবাৰ মান টকা সোমোৱাৰ পিছত আজিলৈকে এটকাও সোমোৱা নাই যাৰ ফলত পানী যোগান আঁচনি সমূহত কৰ্মৰত লোক সকলৰ নাজল-নাথল অৱস্থা হৈছে ৷

বছৰ বছৰ ধৰি বিনা পাৰিশ্ৰমিকেৰে কৰ্মৰত শ শ কৰ্মচাৰী

উল্লেখযোগ্য যে, ৰাজ্যত এনেদৰে বছৰ বছৰ ধৰি মাননি নোপোৱাকৈ কাম কৰা কৰ্মচাৰীৰ সংখ্যা যথেষ্ট হ’ব ৷ কেৱল বকো উপ সংমণ্ডলৰ অধীনতে প্ৰায় 200 জন মান অবৈতনিক কৰ্মী আছে ৷ তাৰ ভিতৰত বহু সংখ্যক যুৱকে পাঁচৰ পৰা দহ বছৰলৈ কাম কৰিও এটকাও নোপোৱাৰ বিপৰীতে কিছু সংখ্যকে 19 বছৰে কাম কৰি মাননিৰ নামত পাইছে মাত্ৰ 25 হেজাৰ টকা ৷ তাতোকৈ ডাঙৰ কথা যে চাকৰিৰ বয়স উকলি যোৱাৰ পিছতো একমাত্ৰ চাকৰি কৰা দিনকেইটাৰ মাননিখিনি আদায় পোৱাৰ আশাৰে কাম কৰি আছে 65 বছৰীয়া লোকেও ৷

বছৰ বছৰ ধৰি বিনা পাৰিশ্ৰমিকেৰে কৰ্মৰত শ শ কৰ্মচাৰী

আনহাতে অবৈতনিকভাৱে নিয়োজিত এই কৰ্মচাৰী সকলে চাকৰি নিয়মীয়াকৰণৰ লগতে প্ৰাপ্য দৰমহা মোকলাই দিবলৈ উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত বাৰাম্বাৰ আবেদন কৰিছে যদিও কোনোৱে গুৰুত্ব প্ৰদান কৰা নাই ৷ এতিয়া প্ৰশ্ন উঠিছে বিগত বছৰ বছৰ ধৰি বিনা পাৰিশ্ৰমিকেৰে কাম কৰি অহা এই যুৱকসকলক চৰম প্ৰৱঞ্চনা কৰি অহা চৰকাৰ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিয়াগোম নেতা সকলে ইয়াৰ পাছতো উন্নয়ন, নিবনুৱাৰ সংস্থাপন ইত্যাদিৰ কথা কৈ আৰু কিমান দিনলৈ জনসাধাৰণক ৰাম ঠগন দি থাকিব ?

Intro:জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো সংমণ্ডলৰ অধীনত থকা প্ৰায় দুশটা পানী যোগান আঁচনিত কৰ্মৰত লোক সকলৰ বছৰ বছৰ ধৰি পোৱাা নাই মাননী ৷ ১৯ বছৰত মাননী পাইছে মাত্ৰ ২৫০০০ টকা ৷ চাকৰিৰ বয়স উকলি যোৱাৰ পিছতো প্ৰাপ্য পোৱাৰ আশাত কাম কৰি আছে অবৈতনিক কৰ্মচাৰীয়ে ৷Body:এটি আজৱ বিভাগ ৷ বিভাগটোত চাকৰি কৰিব পাৰিব বুঢ়া হোৱালৈকে ৷ কিন্ত নাপাব কোনো দৰমহা ৷অৰ্থাৎ মৰাৰ আগমূহুৰ্তলৈকে দৰমহা অবিহনে কৰি থাকিব পাৰে চাকৰি ৷অৰ্থাৎ বিভাগটোত চাকৰিৰ বয়স উকলি গ’লেও কৰি থাকিব পাৰে চাকৰি ৷ কিন্ত কি এইটো বিভাগ চাওক আমাৰ এক প্ৰতিবেদন ৷
হয় ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰি বিভাগটোৰ কথাকে কৈছো ৷ ৰাজ্যৰ আটাইতকৈ অকৰ্মণ্য ,দুৰ্নীতিগ্ৰস্ত বিভাগ হিচাপে পৰিগণিত বিভাগটোৱে হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ ৷ হয় ৰাজ্যৰ এই বিয়োগাম বিভাগটোত প্ৰায় ২০ বছৰ পূৰ্বে অবৈতনিক ভাৱে নিযুক্তি দিয়া হৈছিল ৰাজ্যৰ পানীযোগান আঁচনি সমূহৰ একাংশ পানী যোগান আঁচনিত ৷ সেই সময়ত চৰকাৰে প্ৰতিটো পানী যোগান আঁচনিৰ বিপৰীতে এখনকৈ পৰিচালনা সমিতি গঠন কৰি দিয়া হৈছিল ৷ আৰু পানী যোগান কেন্দ্ৰ সমূহত কাম কৰা লোক সকলৰ মাননী সমূহ উক্ত সমিতিৰ একাউণ্টত সোমাইছিল আৰু তেওঁলোকে কৰ্মচাৰীজনক মাননী আদায় দিছিল ৷ কিন্ত পৰিতাপৰ কথা এয়ে যে বৰ্তমান উক্ত সমিতি সমূহৰ একাউণ্টত পূৰ্বতে এবাৰ বা দুবাৰ টকা সোমোৱাৰ পিচত আজিলৈকে এটকাও সোমোৱা নাই ৷ যাৰ ফলত পানী যোগান আঁচনি সমূহত কৰ্মত লোক সকলৰ নাজল নাথল অৱস্থা হৈছে ৷ ৰাজ্যত এনদৰে বছৰ বছৰ ধৰি মাননী নোপোৱাকৈ কাম কৰা কৰ্মচাৰীৰ সংখ্যা যথেষ্ট হ’ব ৷ কেৱল বকো উপ সংমণ্ডলৰ অধীনতে এনদৰে অবৈতনিক কৰ্মী আছে প্ৰায় ২০০ ৷ তাৰ ভিতৰত বহু সংখ্যক যুৱকে প্ৰায় পাঁচৰ পৰা দহ বছৰলৈ এটকাও পোৱা নাই ৷ আনকি ১৯ বছৰে কাম কৰি মাননীৰ নামত পাইছে মাত্ৰ ২৫ হেজাৰ ৷ তাতোকৈ ডাঙৰ কথা হ’ল চাকৰিৰ বয়স উকলি যোৱা ৫ বছৰ উকলি যোৱাৰ পিচতো কাম কৰি আছে এটি পানী যোগান আঁচনিত ৷ একমাত্ৰ চাকৰি কৰা দিনকেইটাৰ মাননীখিনি আদায় পোৱাৰ আশাৰে কাম কৰি আছে ৬৫ বছৰীয়া লোকে ৷ উল্লেখযোগ্য যে বকো উপ সংমণ্ডলৰ অধীনস্থ ছয়গাঁও আৰু বকোত এনেদৰে কৰ্মৰত প্ৰায় ২০০ কৰ্মচাৰীয়ে উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত বাৰাম্বাৰ অাবেদন নিবেদন কৰিও তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাটো দূৰৰ কথা প্ৰাপ্ৰ মাননী খিনিও আদায় পোৱা নাই ৷ আনহাতে বিগত বছৰ বছৰ বিনা পাৰিশ্ৰমিকেৰে কাম কৰি অহা যুৱক সকল বৰ্তমান হতাশ হৈ পৰিছে ৷ইয়াত নিয়োজিত অধিকাংশ কৰ্মচাৰীয়েই এতিয়া হাজিৰা কৰি পৰিয়াল পোহ পাল দিবলগীয়াত পৰিছে ৷ তেওঁলোকৰ চাকৰি নিয়মীয়া কৰিব নোৱাৰা তথা প্ৰাপ্ৰ মাননী খিনিও আদায় দিব নোৱাৰা চৰকাৰ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকলক যুৱ কৰ্মচাৰী সকলৰ বয়স সমূহ ঘূৰাই দিবলৈ দাবী জনাইছে ৷ এতিয়া কথা হ’ল সভাই সমিতিয়ে উন্নয়নৰ ফটা ঢোল বজাই ফুৰা বৰ্তমানৰ চৰকাৰে এই সকল দুৰ্ভগীয়াৰ কথা ভাবিবলৈ আহৰি হ’বনে ?Conclusion:Byte
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.