বকো, 3 নৱেম্বৰ : কামৰূপ জিলাৰ বকোৰ মাজেৰে পাৰ হৈ যোৱা 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পালাহপাৰা আৰু ওচৰ-চুবুৰীয়া গাঁৱৰ ৰাইজে দিবলগীয়া হৈছে পহৰা । পথ দুৰ্ঘটনাৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি থকা 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত সদায় নিশা উজাগৰে কটাই গঞা ৰাইজে । বকোৰ পৰা শিংৰাৰ মাজত প্ৰায় 7 কিল'মিটাৰ পথ অতিক্ৰম কৰিব লাগে শিংৰা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে আৰু এই বনাঞ্চলৰ মাজত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ গঞা ৰাইজে পহৰা দিয়ে বনৰীয়া হাতীক ।

কিয়নো এই বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে আৰু নিশাৰ ভিতৰতে ধান খেতি খাই তহিলং কৰে । কিন্তু পৰিতাপৰ বিষয় যে, এই বিষয়টোত গুৰুত্ব প্ৰদান নকৰে অসম চৰকাৰৰ বন বিভাগে । সেয়েহে গঞা ৰাইজে নিজেই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ প্ৰতি নিশাই পহৰা দিয়ে বনৰীয়া হাতীক ।

লগতে পঢ়ক : বন আইন 2006 কাৰ্যকৰী কৰাৰ দাবী ৰংপুৰবাসীৰ