ETV Bharat / state

পানী যোগান আঁচনিৰ Solar plate চুৰিৰ সন্দৰ্ভত টুলুঙা মন্তব্য মন্ত্ৰীৰ - ৰঙিয়াত জলসিঞ্চন বিভাগত চুৰিকাণ্ড

ৰঙিয়াৰ ১৩ টাকৈ পানী যোগান আঁচনিৰ Solar plate চুৰিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে স্থানীয় বিধায়ক ভৱেশ কলিতাই(Ministers Reaction on Solar Plate theft of Irrigation Department) ৷ সাংবাদিককৰ প্ৰশ্ন উত্তৰত বিধায়ক কলিতাই কয়, চোৰ কোনে ধৰিব পাৰিব ?

Ministers Reaction on Solar Plate theft of Irrigation Departmen
পানী যোগান আঁচনিৰ Solar Plate চুৰিৰ সন্দৰ্ভত তুলুঙা মন্তব্য মন্ত্ৰীৰ
author img

By

Published : Nov 28, 2021, 9:50 PM IST

ৰঙিয়া, 28 নৱেম্বৰ : চাৰকাৰী বিভাগৰ সামগ্ৰীৰ ওপৰত চকু এতিয়া চোৰৰ ৷ ৰঙিয়াত এটাৰ পিছত আন এটা পানী যোগান আঁচনিত চোৰৰ চাফাই অভিযান । যোৱা কিছুদিন পূৰ্বে ৰঙিয়াত জলসিঞ্চন বিভাগ(Irrigation Department)ৰ ১৩ টাকৈ পানী যোগান আঁচনিৰ সৌৰশক্তি উৎপাদন কৰা চ’লাৰ প্লেট চুৰি (Solar plate theft) কৰি নিয়ে এই চক্ৰই ৷ ইয়াৰ পাছতে পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হয় খেতিয়ক সকলৰ মাজত ৷

এই ঘটনা সংঘটিত হোৱাৰ কিছু দিন পাৰ হৈ যোৱা পাছতো নিৰ্লিপ্ততা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন হৈছে বিভাগীৰ কৰ্তৃপক্ষৰ লগতে আৰক্ষীৰ বিৰুদ্ধে (Less Interest to Protect Resources of Irrigation Department) ৷ ইয়াৰ মাজতে আশ্চৰ্যজনকভাৱে, পানী যোগান আঁচনিৰ সামগ্ৰীৰ চুৰ হোৱা সন্দৰ্ভত কৰা সাংবাদিকৰ প্ৰশ্ন উত্তৰত একেবাৰে টুলুঙা মন্তব্য প্ৰকাশ কৰে কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই ৷

পানী যোগান আঁচনিৰ Solar Plate চুৰিৰ সন্দৰ্ভত তুলুঙা মন্তব্য মন্ত্ৰীৰ

নিজৰে সমষ্টিৰ জলসিঞ্চন বিভাগৰ অধীনৰ ১৩ টাকৈ পানী যোগান আঁচনিৰ সৌৰশক্তি উৎপাদন কৰা Solar plate চুৰি কৰি নিয়ে চোৰে (Theft in Irrigation Department) ৷ কিন্তু এই সন্দৰ্ভত একেবাৰে দায় সৰা মন্তব্য স্থানীয় বিধায়ক ভৱেশ কলিতাৰ ৷ সাংবাদিককৰ প্ৰশ্ন উত্তৰত বিধায়ক কলিতাই কয়, চোৰ কোনে ধৰিব পাৰিব ?

লগতে পঢ়ক: New rules Impliment in SEBA : নৱম-দশম শ্ৰেণীৰ বাবে বিশেষ ছয়মাহিলী পৰীক্ষা

তদুপৰি সাংবাদিকে চোৰ দেখুৱাই দিলেহে চোৰক ধৰিব পাৰিব বুলি টুলুঙা মন্তব্য প্ৰকাশ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়াৰ ভৱেশ কলিতাই । ইফালে অনুৰূপ মন্তব্য কৃষি মন্ত্ৰী অতুল বৰাৰো ৷ মন্ত্ৰী বৰাই কয়, চোৰ ধৰাত অসুবিধা আছে । মানুহ যেতিয়া অসৎ হয় তেতিয়া এনেকুৱা চুৰি কাৰ্য সংঘটিত হয় ।

কিন্তু চৰকাৰে ইয়াৰ ওপৰত চোকা দৃষ্টি ৰাখিছে । কিন্তু চোৰক দেখুৱাই দিবলৈ আহ্বান জনালে অতুল বৰাই । আনহাতে জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি সমূহৰ চুৰি কাণ্ড সন্দৰ্ভত পৃথকে পৃথকে কেইবাটাও গোচৰ দিয়া হৈছে বুলি জানিবলৈ দিয়ে জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা অমূল্য বৰ্মনে ।

লগতে আৰক্ষী অধীক্ষকৰ ওচৰতো গোচৰ ৰজু কৰা কথা জানিবলৈ দিয়াৰ লগতে জলসিঞ্চন বিভাগৰ আঁচনিবোৰৰ সামগ্ৰী চুৰি কাৰ্যত বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ কাৰ্যবাহী অভিযন্তা গৰাকীৰ ।

লগতে পঢ়ক: Mission Basundhara : দুদিন পিছতে সম্পন্ন হ’ব অনলাইন আবেদন প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.