ETV Bharat / state

ছয়গাঁৱৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ ATM ত চুৰিকাণ্ড

author img

By

Published : Jun 28, 2020, 1:04 PM IST

দুৰ্বৃত্তৰ দলটোৱে ATM টোৰ সুৰক্ষা কৰ্মী দুজনক পিষ্টল দেখুৱাই সুৰক্ষা কৰ্মীৰ কোঠাতে আৱদ্ধ কৰি ৰাখে ৷ তাৰ পাছত ATMটো ভাঙি ঘটনাস্থলীৰ পৰা উধাও হয় দুৰ্বৃত্তৰ দলটো ।

ATM robbery
ছয়গাঁৱৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ ATM ত চুৰিকাণ্ড

বকো, 28 জুন : শনিবাৰে নিশা বকো থানাৰ অন্তৰ্গত ছয়গাঁৱৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ SBI ৰ ATM লুট কৰে দুৰ্বৃত্তই ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, নিশা প্ৰায় ১২.৪৫ বজাত দুখন গাড়ীৰে বিকাশ কেন্দ্ৰলৈ আহে এটা দুবৃত্তৰ দল ৷ লগে লগে দুবৃত্তৰ দলটোৱে ATMটোৰ সুৰক্ষা কৰ্মী দুজনক পিষ্টল দেখুৱাই সুৰক্ষা কৰ্মীৰ কোঠাতে আৱদ্ধ কৰি ৰাখে ৷ তাৰ পাছত ATM টো ভাঙি ঘটনাস্থলীৰ পৰা উধাও হয় দুৰ্বৃত্তৰ দলটো ।

লগতে পঢ়কঃ টীয়কত পানী যোগান আঁচনিৰ কামত অনিয়মৰ অভিযোগ

ইতিমধ্যে, ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বকো আৰক্ষীয়ে । উল্লেখযোগ্য যে, ঘটনাস্থলীৰ পৰা এক কিলোমিটাৰ নিলগত অৱস্থিত জামবাৰী পহৰা চকী । ইয়াৰ পাছটো, ঔদ্যোগিক বিকাশ কেন্দ্ৰটোত প্ৰায়ে বিভিন্ন ধৰণৰ চুৰি কাৰ্য সম্পন্ন হৈ থাকে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে । সেয়ে অঞ্চলটোৰ সুৰক্ষাৰ ক্ষেত্ৰত শীঘ্ৰেই পদক্ষেপ ল'বলৈ প্ৰশাসনক আহ্বান জনাই স্থানীয় ৰাইজে ।

লগতে পঢ়কঃৰ্যালয়ধুবুৰীত বানৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.