ছয়গাঁও, ৬ জুনঃ কামৰূপ জিলাৰ ছয়গাঁৱৰ মাজ মজিয়াত অৱস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ পুৰণি কাৰ্যালয়টোৰ স্থানতে এটি নতুন কাৰ্যালয় গৃহ নিৰ্মাণ কৰা হয় যদিও বিগত ৪ বছৰে সম্পূৰ্ণ নহ'ল কাৰ্যালয় গৃহটোৰ নিৰ্মাণ কাৰ্য ৷ দৈনিক বাছ আস্থানটোৰ পৰা পৰিবহণ নিগমৰ বাছত আহ যাহ কৰা লোকসকল বহু অনুৰোধৰ পিচতো মন-কাণ নাই বিভাগীয় কতৃপক্ষৰ৷
উল্লেখ্য যে নতুন কাৰ্যালয়টো স্থাপনৰ সময়ত পুৰণি কাৰ্যালয়টোৰ এটা কোঠালীৰ পৰিৱৰ্তে সম্পূৰ্ণ ভাঙি পেলোৱাত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে যাত্ৰীসকল ৷ সমান্তৰালকৈ কাৰ্যালয়টোৰ কৰ্মচাৰী সকলোৰো যথেষ্ট অসুবিধাত পৰিছে ৷ আনহাতে বৰ্তমান কাম কাজ চলাই থকা পুৰণি কাৰ্যালয়টোৰ কোঠালীটোৰো অৱস্থা একেবাৰে শোচনীয় ৷
ইতিমধ্যে কাৰ্যালয়টোৰ কৰ্মচাৰী সন্মুখীন হৈ অহা সকলো অসুবিধাৰ বিষয়ে ওপৰ মহলাত লিখিতভাৱে জনাইছে যদিও বিভাগটোৰ উৰ্ধতন কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ৷ কাৰ্যালয়ৰ কৰ্মচাৰীৰ পৰা জানিব পৰা মতে স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰায় ১৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই গৃহটোৰ ২০১৫ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ ২ তাৰিখে আধাৰশিলা স্থাপন কৰিছিল ৷