ETV Bharat / state

আজি মহাষ্টমী:শংখ-ধ্বনিৰে মুখৰিত ৰাজ্যৰ চৌদিশ

author img

By

Published : Oct 24, 2020, 8:40 AM IST

আজি মহাষ্টমী উপলক্ষে ৰাজ্যৰ চৌদিশ মুখৰিত হৈ পৰে ভক্তিৰসেৰে ৷ ক'ভিড প্ৰটকলৰ মাজেৰে ৰাজ্যবাসীয়ে পালন কৰে এইবাৰৰ দুৰ্গা পূজা ৷ শংখ-ধ্বনিৰে মুখৰিত এতিয়া ৰাজ্যৰ আকাশ-বতাহ ৷

ASHTAMI puja celebration
আজি মহাষ্টমী পূজা

নিউজ ডেস্ক, 24 অক্টোবৰ: আজি মহাষ্টমী পূজা ৷ কৰ'ণা আতংকৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে দুৰ্গা পূজা ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা সকলো নিয়ম মানি পূজা সমিতিসমূহেও আয়োজন কৰিছে পূজা ৷ শংখ-ধ্বনি, মন্ত্ৰোচ্চাৰণেৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ এতিয়া মুখৰিত হৈ পৰিছে ভক্তিৰসেৰে ৷

ASHTAMI puja celebration
আজি মহাষ্টমী পূজা

উল্লেখ্য যে, মহাষ্টমী পূজা নৱৰাত্ৰিৰ অষ্টমটো দিনত কৰা হয় । এই দিনটোৰ বিশেষত্ব হ’ল- এই দিনটোত ম’হ বলি দিয়া হয় । দেৱীৰ সন্মুখত এই প্ৰথা যুগ যুগ ধৰি চলি আহিছে যদিও বৰ্তমান সময়ত এই প্ৰথা বন্ধ কৰি দিয়া হৈছে ৷

ASHTAMI puja celebration
আজি মহাষ্টমী পূজা

মহাষ্টমীৰ দিনা অনুষ্ঠিত হোৱা আন এক আকৰ্ষণীয় পূজা হ’ল ‘কুমাৰী পূজা’। এই পূজাত কুমাৰী কন্যাসকলক পূজা কৰাৰ এক বিশেষ বিধান তথা নিয়ম সমাজত প্ৰচলিত হৈ আহিছে ৷

ASHTAMI puja celebration
আজি মহাষ্টমী পূজা

মহাষ্টমীৰ দিনা অন্যান্য পূজাসমূহৰ পাছত পুষ্পাঞ্জলি দিয়া হয় আৰু লগতে ভোগ বিতৰণ কৰা হয় । ইয়াৰ পাচত সন্ধিয়া নৱমী পূজাৰ লগত সংগতি ৰাখি সন্ধি পূজা আৰু আৰতি কৰা হয় ।

অন্য এক খবৰৰ বাবে: মহাসপ্তমীৰ নিশা তিনিচুকীয়াত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.